শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চুতীয়া, মৰাণ জনগোষ্ঠীৰ পৰা চাহ বাগিচা শ্ৰমিকলৈ, অসম কেবিনেটৰ ৬ টা বৃহৎ সিদ্ধান্ত…

শেহতীয়া অসম কেবিনেট বৈঠকত ৬ টা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চুতীয়া, মৰাণ জনগোষ্ঠীৰ পৰা চাহ বাগিচা শ্ৰমিকলৈ, কি কি সিদ্ধান্ত ল'লে? চাওঁ আহক ।

চুতীয়া, মৰাণ জনগোষ্ঠীৰ পৰা চাহ বাগিচা শ্ৰমিকলৈ, অসম কেবিনেটৰ ৬ টা বৃহৎ সিদ্ধান্ত…
Manas Borah
Manas Borah | Published: 28 Jan 2026 08:15 AM

অসম কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীৰ লোকসকলক তিনিনচুকীয়া জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিবলৈ অনুমোদন জনাইছে কেবিনেটে। লগতে চুতীয়া জনগোষ্ঠীৰ বাবে ACS আৰু APS-ত ১খনকৈ আসন সংৰক্ষণ,পঞ্চায়ত সদস্যসকলৰ বাবে স্বাস্থ্য সুৰক্ষা সুনিশ্চিতকৰণ আৰু চাহ বাগিচা শ্ৰমিকসকলৰ বাবে সমতাপূৰ্ণ ভূমি প্ৰিমিয়ামৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে।

কি কি সিদ্ধান্ত ল’লে ?

  1. কেবিনেটৰ দ্বাৰা চুতীয়া জনগোষ্ঠীৰ বাবে অসম অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱা জুনিয়ৰ গ্ৰেডত ১ টাকৈ পদ সংৰক্ষণ কৰাৰ বাবে কাৰ্যকৰী আদেশ জাৰি কৰাৰ প্রস্তাৱত অনুমোদন।
  2. গ্রাম্য আন্তঃগাঁথনি উন্নয়ন নিধি (RIDF)ৰ অধীনত দুগ্ধ সংসাধন উদ্যোগ নির্মাণ, পশু চিকিৎসা প্রকল্প, গ্রাম্য পথ শক্তিশালীকৰণ আৰু ৰাজহুৱা শৌচালয় নিৰ্মাণৰ বাবে মুঠ ২০০.৩৬ কোটি টকাৰ ২৭ টা প্ৰকল্পক কেবিনেটে অনুমোদন জনাইছে।
  3. ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অধীনৰ ভিজিআৰ ভূমিৰ সংৰক্ষণ বাতিল কৰি সেই ভূমি খিলঞ্জীয়া পৰিয়াল আৰু ৰাজহুৱা ব্যৱহাৰত আবণ্টন কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে।
  4. কেবিনেটে পঞ্চায়ত সদস্যসকলক তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসা ব্যয় পৰিশোধৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে ৩০,০০০ৰ অধিক পঞ্চায়ত সদস্য উপকৃত হ’ব।
  5. কেবিনেটে অসম চৰকাৰৰ দ্বাৰা জাৰি কৰা পি আৰ চি আৰু অ’বিচি প্রমাণপত্র থকা অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক তিনিচুকীয়া জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিবলৈ অনুমতি দিয়াৰ সিদ্ধান্তত অনুমোদন জনাইছে।
  6. কেবিনেটে নগৰ আৰু উপকণ্ঠ এলেকাৰ ভিতৰত অৱস্থিত লেবাৰ লাইনৰ চাহ বাগিচা শ্ৰমিকসকলৰ বাবে ‘ছেটলমেন্ট প্রিমিয়াম’ত শিথিলতা আৰু ন্যায়সংগত কৰাত অনুমোদন জনাইছে। লগতে ৫ বছৰত পৰিশোধ কৰিব পৰাকৈ প্ৰতি বিঘাত ৫০০ টকাৰ সমতাপূর্ণ প্রিমিয়াম ধার্য কৰা হৈছে।