শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান মুখ্য খবৰ…

আজি ২৮ জানুৱাৰী, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান মুখ্য খবৰ…
Manas Borah
Manas Borah | Published: 28 Jan 2026 07:21 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছে, যাৰ ফলত ইউৰোপীয় ইউনিয়নৰ প্ৰায় ৯০% সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই চুক্তিয়ে বিশ্বৰ জিডিপিৰ ২৫% আৰু বিশ্ব বাণিজ্যৰ এক তৃতীয়াংশ সামৰি লৈছে। ইউৰোপীয় ইউনিয়নৰ পৰা অহা বিলাসী গাড়ী, বিয়েৰ, ৱাইন আৰু স্পিৰিট ভাৰতত কৰ হ্ৰাসৰ বাবে সস্তা হ’ব। মুক্ত বাণিজ্য চুক্তিৰ অধীনত ভাৰতে অহা দুবছৰত ইউৰোপীয় ইউনিয়নৰ পৰা প্ৰায় ৪৫০০ কোটি টকা লাভ কৰিব যাতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাত সহায়ক হয়।
  2. ইউজিচিৰ নতুন নিয়মে দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে, আৰু বিষয়টো উচ্চতম ন্যায়ালয়ত উপনীত হৈছে। নতুন নিয়মে ST-SC ৰ লগতে অ’বিচি আৰু মহিলাসকলক বৈষম্যৰ পৰা ৰক্ষা কৰে। প্ৰতিখন কলেজতে ইকুইটি কমিটী গঠন কৰাটো বাধ্যতামূলক হ’ব। সাধাৰণ শ্ৰেণীৰ বাবে প্ৰতিনিধিত্বৰ অভাৱৰ পৰাই এই বিতৰ্কৰ সৃষ্টি হৈছে, যাৰ ফলত প্ৰশ্ন উত্থাপন হৈছে।
  3. অসম কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীৰ লোকসকলক তিনিনচুকীয়া জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিবলৈ অনুমোদন। চুতীয়া জনগোষ্ঠীৰ বাবে ACS আৰু APS-ত ১খনকৈ আসন সংৰক্ষণ। পঞ্চায়ত সদস্যসকলৰ বাবে স্বাস্থ্য সুৰক্ষা সুনিশ্চিতকৰণ। চাহ বাগিচা শ্ৰমিকসকলৰ বাবে সমতাপূৰ্ণ ভূমি প্ৰিমিয়ামৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিছে।
  4. অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি সদৌ অসম ছাত্র সন্থাই অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধন বিচাৰিছে। তেওঁ পত্ৰ কয় যে, কিন্তু খিলঞ্জীয়া মুছলমান মানুহ সমস্যাৰ সন্মুখীন হ’ব নালাগে। ছাত্র সন্থাৰ স্পষ্ট মত-অবৈধ বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰপৰা কৰ্তন হ’বই লাগিব।কৈ অগ্রাধিকাৰৰ ভিত্তিত বিষয়টোৰ স্থায়ী সমাধান কৰিব লাগে।
  5. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিন্দুৰ জিন্না আখ্যা সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কটাক্ষ কৰি কয়,হিমন্ত বিশ্ব শৰ্মা ভয়াতুৰ ৰাজনীতিবিধ। ৰাজনৈতিক সংকটত পৰিলে বিজেপি দল এৰিবলৈ সময় নালাগে। ভাল হওক বা বেয়া হওক চিৰদিন বিজেপি দলত থাকিব বুলি কেতিয়াও কথা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই।
  6. সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি ল’বলৈ সাজু উপ-সভাপতি চৰ্জুন হাঞ্চে। আজি নলবাৰীত ছাত্ৰ নেতাগৰাকীয়ে পদত্যাগ পত্ৰ দিয়াৰ কথা। শীঘ্ৰে ৰাজনৈতিক দলত যোগদান কৰাৰ সম্ভাৱনা হাঞ্চেৰ।