January 27, 2026
TV9 ASSAM
ৰাতি শৰীৰত হোৱা পানীৰ অভাৱ পূৰণ হয়। ৰাতিপুৱা পানী খোৱাৰ ফলত শৰীৰটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে আৰু কামত সহজ হৈ পৰে।
ৰাতিপুৱা পানী খালে দিনটোৰ খাদ্য সহজে হজম হয় আৰু কোষ্ঠকাঠিন্যৰ সমস্যা কমি যায়। বিপাকীয় হাৰ বৃদ্ধি পায়।
ৰাতিপুৱা পানী খালে ৰাতি শৰীৰৰ ভিতৰত জমা হোৱা আৱৰ্জনাবোৰ সহজে ওলাই যায়। ইয়াৰ ফলত বৃক্ক আৰু যকৃতৰ কামো সহজ হৈ পৰে।
ৰাতিপুৱা পানী খোৱাৰ ফলত মন আৰু শৰীৰ সতেজ হয়, টোপনিৰ পৰা উপশম পায়, একাগ্ৰতা বৃদ্ধি কৰে আৰু দিনটো ভালদৰে আৰম্ভ হয়।
ওজন নিয়ন্ত্ৰণত সহায় কৰে। ৰাতিপুৱা পানী খালে অকাৰণতে ভোক অনুভৱ কৰাৰ প্ৰৱণতা কমি যায়। ফলত ওজন নিয়ন্ত্ৰিত হয়।
অন্ত্ৰৰ কাৰ্য্যক্ষমতা উন্নত কৰে। ব্ৰেকফাষ্টৰ আগতে পানী খালে ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ আৱৰণ প্ৰস্তুত হয়। ইয়াৰ ফলত অন্ত্ৰৰ খাদ্যৰ পৰা পুষ্টিকৰ পদাৰ্থ শোষণ কৰাৰ ক্ষমতা বৃদ্ধি পায়।
সাৰ পোৱাৰ পিছত ১-২ গিলাচ পানী খাব পাৰে। বেছি ঠাণ্ডা পানী নহয়, বেছি গৰমও নহয়। স্বাভাৱিক উষ্ণতা বা সামান্য গৰম পানী শৰীৰে সহজে শোষণ কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক