শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Maharashtra Plane Crash: বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু: পিটিআই

Maharashtra Plane crash death: অজিত পাৱাৰৰ বাৰামাটিত ব্যক্তিগত আৰু প্ৰশাসনিক কাম আছিল। আজি দুপৰীয়া ইয়াৰ পৰা মুম্বাইলৈ উভতি অহাৰ কথা আছিল। খবৰটো তেওঁৰ দলৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। প্ৰথম অৱস্থাত তেওঁ গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছিল। এতিয়া সংবাদ সংস্থা পিটিআইৰ মতে, তেওঁৰ মৃত্যু হৈছে। তেওঁৰ লগতে চাৰিজন লোকৰ মৃত্যু হৈছে। অৱশ্যে মহাৰাষ্ট্ৰ চৰকাৰে কোনো আনুষ্ঠানিক কথা ঘোষণা কৰা নাই।

Maharashtra Plane Crash: বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু: পিটিআই
Barasha Misra
Barasha Misra | Updated On: 28 Jan 2026 10:32 AM

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ মুম্বাইৰ পৰা বাৰামাটিলৈ গৈ আছিল। কিন্তু তেওঁ যোৱা বিমানখন অৱতৰণ কৰি থকাৰ সময়তে পাইলটৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় এটিচিয়ে। ইয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। মহাৰাষ্ট্ৰ আৰক্ষী প্ৰশাসনে প্ৰথমে অৱগত কৰিছে। অজিত পাৱাৰৰ ব্যক্তিগত আৰু প্ৰশাসনিক কাম আছিল বাৰামাটিত। আজি দুপৰীয়া ইয়াৰ পৰা মুম্বাইলৈ উভতি অহাৰ কথা আছিল। খবৰটো তেওঁৰ দলৰ সূত্ৰৰ পৰা। প্ৰথম অৱস্থাত তেওঁ গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছিল। এতিয়া সংবাদ সংস্থা পিটিআইৰ মতে তেওঁৰ মৃত্যু হৈছে। তেওঁকে ধৰি চাৰিজন লোকৰ মৃত্যু হৈছে। অৱশ্যে মহাৰাষ্ট্ৰ চৰকাৰে কোনো আনুষ্ঠানিক কথা ঘোষণা কৰা নাই।

প্ৰথম অৱস্থাত তেওঁ গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছিল। এতিয়া সংবাদ সংস্থা পিটিআইৰ মতে তেওঁৰ মৃত্যু হৈছে। পাৱৰৰ সৈতে মুঠ ৫জন লোকৰ মৃত্যু হৈছে। অৱশ্যে মহাৰাষ্ট্ৰ চৰকাৰৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। কিছুসময় পিছত মৃত্যুৰ খবৰ DGCA য়ে নিশ্চিত কৰিছে।

চাৰ্টাৰ্ড বিমানত উঠি তেওঁ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ ওলাইছিল। পুৱা প্ৰায় ৮:৪৫ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। সূত্ৰ অনুসৰি দৃশ্যমানতা অতি কম আছিল। এই ঘটনাৰ কাৰণ আছিল নে নাই সেইটো জানিবলৈ তদন্ত অব্যাহত আছে। ইয়াৰ উপৰিও কোনো যান্ত্ৰিক দোষ আছিল নেকি আৰু সকলো প্ৰট’কল মানি চলিছিল নেকি সেই বিষয়েও তদন্ত চলি আছে। বিমানখন অৱতৰণ কৰাৰ লগে লগে পাইলটৰ সৈতে এ টি চিৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। ঠিক সেই সময়তে বৰামাটি খেলপথাৰত তীব্ৰ শব্দৰে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ইন্ধনৰ টেংকিটোও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়তে বিস্ফোৰণ ঘটে। ইতিমধ্যে অজিত পাৱাৰৰ পৰিয়ালৰ লোক বাৰামাটিলৈ ৰাওনা হৈছে। শৰদৰ কন্যা সুপ্ৰিয়া শ্বোলেও গৈছে। সমগ্ৰ পৰিয়ালটো শোকত ভাগি পৰিছে। শৰদ পাৱাৰৰ সতীৰ্থসকলো শোকত ভাগি পৰিছে।