শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Union Budget 2026: এইবাৰ দেওবাৰে বাজেট ! কিয় বন্ধৰ দিনটোত দাখিল কৰা হ’ব বাজেট ?

Union Budget 2026: এইবাৰ দেওবাৰে বাজেট ! কিয় বন্ধৰ দিনটোত দাখিল কৰা হ’ব বাজেট ?

Manas Borah
Manas Borah | Updated On: 27 Jan 2026 20:44 PM

প্ৰথমে বহুতে কল্পনা কৰিছিল যে, ১ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ বাবে সোমবাৰে অৰ্থাৎ ২ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। কিন্তু সেয়া নহ’ল। গতিকে প্ৰশাসনিক আৰু বিত্তীয় দৃষ্টিকোণৰ পৰা এই দেওবাৰটো ভাৰতীয় অৰ্থনীতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্মদিন হৈ পৰিছে।

অহা দেওবাৰে ২০২৬-২৭ বৰ্ষৰ বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। দেওবাৰৰ দিনটো বন্ধ দিন হোৱাৰ পাছতো এইবাৰ দাখিল কৰা হ’ব বাজেট। কাৰণ এইবাৰ ১ ফেব্ৰুৱাৰী দেওবাৰ পৰিছে। পৰম্পৰা অনুসৰি, ১ ফেব্ৰুৱাৰীৰ দিনটোত দাখিল কৰা হয় কেন্দ্ৰীয় বাজেট। প্ৰথমে বহুতে কল্পনা কৰিছিল যে, ১ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ বাবে সোমবাৰে অৰ্থাৎ ২ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। কিন্তু সেয়া নহ’ল। গতিকে প্ৰশাসনিক আৰু বিত্তীয় দৃষ্টিকোণৰ পৰা এই দেওবাৰটো ভাৰতীয় অৰ্থনীতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্মদিন হৈ পৰিছে।

২০১৭ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে বাজেট দাখিলৰ তাৰিখ আগুৱাই আনে। সেই বছৰৰ পৰাই ভাৰতৰ কেন্দ্ৰীয় বাজেট ১ ফেব্ৰুৱাৰীত দাখিল কৰিবলৈ আৰম্ভ কৰে। উদ্দেশ্য হৈছে- ভাৰতত ১ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হয়। নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ আগতেই বাজেটৰ প্ৰস্তাৱ যাতে সংসদত গৃহীত কৰিব পাৰে, সেইবাবেই ২ মাহ আগতে বাজেট দাখিল কৰা হয়। ইয়াৰ ফলত কোনো নীতি ৰূপায়ণত পলম নহয়। প্ৰকল্পৰ ৰূপায়ণো সময়মতে হয়।