বাণিজ্যৰ নতুন দিগন্ত, ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্যৰ দিশে ভাৰত…
সোমবাৰে ভাৰতৰ বাণিজ্য সচিবে কয় যে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত বুজাবুজি চূড়ান্ত কৰা হৈছে। মঙলবাৰে এই চুক্তি ঘোষণা হ’ব পাৰে। এতিয়া প্ৰশ্ন হয়, বহু প্ৰত্যাশিত চুক্তি স্বাক্ষৰিত হ’লে নতুন দিল্লীৰ কি লাভ হ’ব? ভাৰতে কিমান অগ্ৰগতি লাভ কৰিব?
গণৰাজ্য দিৱস উপলক্ষে ভাৰতত উপস্থিত হৈছিল ইউৰোপীয় অতিথি। সেই আধাৰতেই অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ বৈঠক। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কষ্টাক সাক্ষাৎ কৰে। সেই বৈঠকত ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্যৰ ওপৰত আলোচনা কৰা হয়। যাৰ মূল কথাটো হ’ল সকলো পক্ষই আশাবাদী। এই বৈঠক ফলপ্ৰসূ বুলি কয় ভাৰতীয় বাণিজ্য সম্পাদক ৰাজেশ আগৰৱালাই।
শুল্কক অস্ত্ৰ হিচাপে ট্ৰাম্পৰ হেঁচা প্ৰতিহত কৰিবলৈ ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্যৰ পথ প্ৰশস্ত কৰিলে নতুন দিল্লীয়ে। ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ বাণিজ্য চুক্তিৰ আলোচনা ২০০৭ চনৰ পৰা আৰম্ভ হৈছিল।সেই সময়ত কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ ক্ষমতা আছিল। ১৮ টা দীঘলীয়া সয়মৰ অন্তত সেই আলোচনাবোৰ এতিয়া সফল হোৱাৰ দিশত ৷
