শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰাস্তাৰ কোনো ধৰ্ম নাথাকে, বিচাৰৰ ৰায়ত ক'লে ন্যায়াধীশে

ৰাস্তাৰ কোনো ধৰ্ম নাথাকে, বিচাৰৰ ৰায়ত ক’লে ন্যায়াধীশে

Raj Saikia
Raj Saikia | Published: 27 Jan 2026 20:45 PM

বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনত এই সম্পত্তি ক্ৰয় কৰিছিল শৰতে। তাৰ পিছত এই গাঁথনিটোত স্থাপন কৰা হৈছিল মাদাৰ মেৰীৰ প্ৰতিমূৰ্তি। কাষৰ ঘৰ এটাৰ পৰা বিদ্যুৎ সংযোগ কৰি লাইটৰ লগতে স্থাপন কৰা হৈছিল চাউণ্ড বক্স।

ৰাস্তাত কোনো ধৰ্ম নাই ! জনস্বাৰ্থ জড়িত এখ গোচৰত গুৰুত্বপূৰ্ম ৰায় মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ। ন্যায়াধীশৰ মতে, ৰাস্তাটো সাধাৰণ মানুহৰ বাবে বনোৱা হৈছে, ধৰ্মৰ অজুহাত ইয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কিন্তু ৰাস্তাক লৈ বিতৰ্ক কিয়? তাতো ধৰ্মই স্থান লাভ কৰিলে কেনেকৈ?

ঘটনাটো হৈছে চেন্নাইৰ অভিজাত অঞ্চল থিৰু ভি কা নগৰৰ। কেইবছৰমান আগতে শৰত নামৰ এজন ব্যক্তিয়ে এটা ঘৰ কিনিছিল সেই অঞ্চলত। সেই সময়ত তেওঁক খবৰ দিয়া হৈছিল যে তেওঁৰ ঘৰৰ প্ৰৱেশদ্বাৰৰ কাষতে এটা অস্থায়ী নিৰ্মাণ আছে। কিন্তু এই নিৰ্মাণটো কি সেয়া তেওঁ নাজানিছিল। আনকি তেওঁৰ কোনো ধাৰণা নাছিল যে ইয়াক কিয় নিৰ্মাণ কৰা হৈছে।

বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনত এই সম্পত্তি ক্ৰয় কৰিছিল শৰতে। তাৰ পিছত এই গাঁথনিটোত স্থাপন কৰা হৈছিল মাদাৰ মেৰীৰ প্ৰতিমূৰ্তি। কাষৰ ঘৰ এটাৰ পৰা বিদ্যুৎ সংযোগ কৰি লাইটৰ লগতে স্থাপন কৰা হৈছিল চাউণ্ড বক্স।

ইয়াৰ পিছত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত শৰত কাষ চাপিছিল বৃহত্তৰ চেন্নাই নিগমৰ। প্ৰতিমূৰ্তিটো আৰু সমগ্ৰ প্ৰাৰ্থনা স্থানটো আঁতৰাই পেলাবলৈ তেওঁ আহ্বান জনায়। তেওঁ অভিযোগ কৰে যে এই গৃহটোৱে তেওঁৰ ঘৰৰ প্ৰৱেশদ্বাৰত বাধাৰ সৃষ্টি কৰিছে। কিন্তু এই অভিযোগৰ পিছতো নিগমে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ফলত শৰত বিৰক্ত হৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়লৈ যায়। তেওঁ গোচৰ ৰুজু কৰিলে। তাৰ পাছত কি হ’ল জানি লওক-