শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam Top9: আজিৰ দিনটোত ক’ত কি ঘটনা ঘটিল জানো আহক

আজি ২৮ জানুৱাৰী, ২০২৬, মঙলবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল...

Assam Top9: আজিৰ দিনটোত ক’ত কি ঘটনা ঘটিল জানো আহক
Barasha Misra
Barasha Misra | Published: 27 Jan 2026 22:38 PM

১. ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সন্মানৰ প্ৰতীক পাটকা পৰিধান নকৰাক লৈ সমালোচনা ডঃ শৰ্মাৰ। অৱশ্যে মুখ্যমন্ত্ৰীৰ এই দাবীক খাৰিজ কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই।

২. বৰপেটাৰ ৰহমপুৰত অঘটন। ব্ৰহ্মপুত্ৰ নদীত নাও ডুবি সন্ধানহীন কমেও ৬ গৰাকী যাত্ৰী। প্ৰায় ৩২ গৰাকী যাত্ৰী লৈ যাত্ৰা কৰিছিল নাওখনে। কিন্তু নদীৰ বুকুত নাওখন ডুব যোৱাত ৭ গৰাকী যাত্ৰী সন্ধানহীন হৈ পৰে। নিখোঁজ যাত্ৰীৰ সন্ধানত অব্যাহত অভিযান।

৩. পশ্চিম কাৰ্বি আলংঙৰ জিৰিকিণ্ডিঙৰ হিজোং লাংছ’ত বন্যহস্তীৰ তাণ্ডৱ। হাতীৰ গছকত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। নিহত মহিলাগৰাকীৰ নাম কাচাং ক্ৰ’পি। বনৰীয়া হাতীৰ বিচৰণক লৈ আতংকিত অঞ্চল বাসী। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত হিজোং-লাংছত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা।

৪. বোকাজানত পথ দুৰ্ঘটনাত নিহত স্কুটী আৰোহী। ৰাজ পেলেচ হোটেলৰ সমীপত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। বোকাজানৰ দিশে গৈ থকা এখন ক্ৰেনক অতিক্ৰম কৰিবলৈ লওঁতেই দুৰ্ঘটনাত পতিত হয় স্কুটী আৰোহীজন। নিহত ব্যক্তিগৰাকীৰ নাম বিপুল খাৰিয়া।

৫. বৰ্তমান অসমত কোনো বিৰোধী নাই। বৰপেটাৰ সৰ্থেবাৰীত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অভূতপূৰ্ব উন্নয়নমূলক কাম সাধন হোৱা বুলি কয় সোণোৱালে। অসমত বিজেপি চৰকাৰ থকাটো ৰাইজে মনে-প্ৰাণে বিচাৰে বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

৬. আজি উজনি অসমৰ দুটাকৈ স্থানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গান্ধী পৰিয়ালে কেতিয়াও অসমক গুৰুত্ব দিয়া নাছিল।

৭. হিমন্ত বিশ্ব শৰ্মাক হিন্দুৰ জিন্না আখ্যা গৌৰৱ গগৈৰ। সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা ভয়াতুৰ ৰাজনীতিক। ৰাজনৈতিক সংকটত পৰিলে বিজেপি দল এৰিবলৈ তেওঁক বেছি সময় নালাগে বুলি কটাক্ষ কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই অসমত লুণ্ঠন চলাই নিজৰ পৰিয়ালৰ, পত্নীৰ সম্পত্তি গঢ়িছে বুলিও সমালোচনা কৰে গগৈয়ে।

৮. আজি ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত স্বাক্ষৰিত হয় এক ঐতিহাসিক বাণিজ্যিক চুক্তি। প্ৰায় দুটা দশক ধৰি চলা আলোচনাৰ অন্তত এই চুক্তি স্বাক্ষৰিত হয়। যাৰ অধীনত ভাৰতে ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্যৰ বাবে ক্ৰমান্বয়ে নিজৰ বৃহৎ আৰু কটকটীয়া নিয়ন্ত্ৰিত বজাৰখন বহু পৰিমাণে মুকলি কৰিব পাৰিব।

৯. সংসদৰ বাজেট অধিৱেশনৰ এদিন পূৰ্বে মঙলবাৰে অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক। দুয়োটা সদনৰ কাম-কাজ আৰু অন্যান্য বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত। কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত সভাপতিত্ব কৰে। বুধবাৰে ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশন।