শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমীয়া জাতিৰ প্ৰতি সৰ্ববৃহৎ অন্যায় কৰিলে বিজেপি চৰকাৰে: অজাপৰ দাবী

চৰকাৰে কা'ৰ অধীনত বিদেশীক নাগৰিকত্ব প্ৰদানৰ সময়সীমা বৃদ্ধিৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে আজি অসম জাতীয় পৰিষদৰ শতাধিক বিষয়ববীয়া-সদস্য দলটোৰ জুৰোডস্থিত মুখ্য কাৰ্যালয়ত সমবেত হৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

অসমীয়া জাতিৰ প্ৰতি সৰ্ববৃহৎ অন্যায় কৰিলে বিজেপি চৰকাৰে: অজাপৰ দাবী
গুৱাহাটীত অজাপৰ প্ৰতিবাদ
raj-saikia
Raj Saikia | Updated On: 03 Sep 2025 20:54 PM

নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ অধীনত অবৈধ বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে। কা’ বিৰোধী গণ-আন্দোলনৰ পটভূমিত জন্ম পোৱা আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, অসমবাসীৰ প্ৰতি ইতিপূৰ্বে অজস্ৰ অপৰাধ কৰা বিজেপি চৰকাৰৰ এইটো সৰ্ববৃহৎ অপৰাধ। অসমীয়া মানুহৰ সৈতে এনে পৰ্যায়ৰ অপৰাধ আন কোনেও কোনোদিন সংঘটিত কৰা নাই বুলি মন্তব্য কৰিছে দলটোৰ নেতৃত্বই।

চৰকাৰে কা’ৰ অধীনত বিদেশীক নাগৰিকত্ব প্ৰদানৰ সময়সীমা বৃদ্ধিৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে আজি অসম জাতীয় পৰিষদৰ শতাধিক বিষয়ববীয়া-সদস্য দলটোৰ জুৰোডস্থিত মুখ্য কাৰ্যালয়ত সমবেত হৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

তেওঁলোকে কা’ আইনৰ নতুন সংশোধনীৰ অধিসূচনাখনৰ কেইবাটাও প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী-অমিত শ্বাহ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।

অজাপৰ নেতা-সদস্যসকলে ‘কা আমি নামানো’, ‘বিজেপি বাংলাদেশীৰ সমৰ্থক’, ‘অসমীয়া বিৰোধী বিজেপি গ’ বেক’ আদি শ্লোগান দিয়ে। ইফালে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে বাংলাদেশীৰ ভোটৰ বাবে লালায়িত বিজেপিয়ে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰি কেৱল হিন্দু বাংলাদেশীৰ ভোটৰ স্বাৰ্থত অসমত কা’ আইনৰ সময়সীমা বৃদ্ধি কৰিছে।

দুয়োগৰাকী নেতাই কয়, “বিজেপিৰ নেতাসকলে এইটো কথা ভালকৈ জানে যে অসমত দিনে দিনে অসমীয়া ভাষী লোকৰ সংখ্যা কমি আহিছে । প্ৰতি দহ বছৰত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা পাঁচ শতাংশকৈ কমি আহিছে। ২০১১ৰ লোকপিয়ল মতে অসমত অসমীয়া ভাষা কোৱা লোকৰ হাৰ মাত্ৰ ৪৮ শতাংশ। এইবোৰ কথা জনাৰ পাছতো বিজেপিৰ নেতাসকলে কা’ প্ৰয়োগ কৰি অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰাৰ পথ প্ৰশস্ত কৰিছিল। এতিয়া আকৌ কা’ৰ অধীনত অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ সময়সীমা ১০ বছৰ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰি দিলে। তাৰ মানে অসমে আগত ৪৩ বছৰৰ বিদেশীৰ বোজা লবলগীয়া হৈছিল। এইবাৰ ৫৩ বছৰৰ বোজা লব লাগিব। এয়া ঘোৰ অন্যায়।”

“পৃথিৱীৰ আন কোনো দেশ বাৰতৰ আন কোনো ৰাজ্যৰ সৈতে নিজ দেশৰ চৰকাৰে ইমান ডাঙৰ অন্যায় কৰাৰ নজিৰ নাই। বিজেপিক অসমৰ ৰাইজে ২০১৪ চনৰে পৰাই ভোট দি আহিছে। অসমত অসমীয়া মানুহে দুবাৰকৈ বিজেপিৰ চৰকাৰ পাতিলে। কিন্তু বিজেপিয়ে অসমীয়া মানুহৰ সৈতে ইমান ডাঙৰ অন্যায় কৰিব বুলি কোনোবাই কল্পনা কৰিব পাৰেনে – যিটো বিজেপিয়ে কৰিলে। ইতিহাসত অসমীয়া মানুহৰ সৈতে ইয়াতকৈ ডাঙৰ অন্যায় আৰু বিশ্বাসঘাতকতা আন কোনেও কৰা নাই। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু অমিত শ্বাহে অসমবাসীক তাৰ উত্তৰ দিব লাগিব।” তেওঁলোকে কয়।