শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ পোষকতা, অবৈধ বাংলাদেশীৰ নাম কৰ্তনৰ দাবী আছুৰ

ছাত্র সন্থাই দাবী জনাইছে যে, বিশেষ সংশোধনী প্রক্রিয়াটো আগবঢ়াই নিওঁতে নির্বাচন আয়োগ আৰু অধিক সংবেদনশীল, দায়িত্বশীল হ'ব লাগে। যিসকল খিলঞ্জীয়া মুছলমান লোকলৈ জাননী জাৰি কৰা হৈছে তেওঁলোক কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ অগ্রাধিকাৰৰ ভিত্তিত বিষয়টোৰ স্থায়ী সমাধান কৰিব লাগে বুলি দাবী সদৌ অসম ছাত্ৰ সন্থাৰ।

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ পোষকতা, অবৈধ বাংলাদেশীৰ নাম কৰ্তনৰ দাবী আছুৰ
Manas Borah
Manas Borah | Updated On: 28 Jan 2026 07:49 AM

অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ এখন দাবী পত্র প্ৰেৰণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। পত্ৰৰ জৰিয়তে ছাত্র সন্থাই অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধন বিচাৰিছে। পত্ৰত ছাত্ৰ সংগঠনটোৱে উল্লেখ কৰে যে, কিন্তু খিলঞ্জীয়া মুছলমান মানুহ সমস্যাৰ সন্মুখীন হ’ব নালাগে। ছাত্র সন্থাৰ স্পষ্ট মত-অবৈধ বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰপৰা কৰ্তন হ’বই লাগিব।

ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত কয় যে, অসম অবৈধ বাংলাদেশীৰ অনুপ্রবেশৰ সমস্যাৰে ভাৰাক্রান্ত এখন ৰাজ্য। অবৈধ বাংলাদেশীয়ে অসমৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিছে। অসম আন্দোলনৰ সময়ৰ পৰাই অসমৰ ৰাইজ আৰু ছাত্র সন্থাই এই বিষয়টো উত্থাপন কৰি আহিছে।

“বহুতো সমষ্টিত জন প্রতিনিধি কোন হ’ব সেয়া সন্দেহযুক্ত বাংলাদেশীৰ ভোটে নির্ধাৰণ কৰাৰ উপক্রম হৈছে। তেনে প্রেক্ষাপটত অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ প্রয়োজন আছে। সদৌ অসম ছাত্র সন্থাই স্পষ্টভাৱে অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ পোষকতা কৰে। অসমৰ ভোটাৰ তালিকাৰপৰা অবৈধ বাংলাদেশীৰ নাম কর্তন কৰিবলৈ সকলো কঠোৰ, আইনগত ব্যৱস্থা গ্রহণ কৰিব লাগে।” পত্ৰত এইদৰে উল্লেখ কৰিছে ছাত্ৰ সন্থাই।

লগতে কয় যে, শেহতীয়াকৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ সময়ত বিভিন্ন স্থানত খিলঞ্জীয়া লোকে জাননী লাভ কৰা পৰিলক্ষিত হৈছে। বহুকেইখন জিলাত যথেষ্ট সংখ্যক খিলঞ্জীয়া মুছলমান পৰিয়াললৈ জাননী জাৰি কৰা হৈছে। এনে ঘটনাই খিলঞ্জীয়া মানুহৰ মাজত অসন্তোষ সৃষ্টি কৰাৰ লগতে ভোটাধিকাৰ হেৰুৱাব পাৰে বুলি সংশয়ৰ জন্ম দিছে।

ছাত্র সন্থাই দাবী জনাইছে যে, বিশেষ সংশোধনী প্রক্রিয়াটো আগবঢ়াই নিওঁতে নির্বাচন আয়োগ আৰু অধিক সংবেদনশীল, দায়িত্বশীল হ’ব লাগে। যিসকল খিলঞ্জীয়া মুছলমান লোকলৈ জাননী জাৰি কৰা হৈছে তেওঁলোক কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ অগ্রাধিকাৰৰ ভিত্তিত বিষয়টোৰ স্থায়ী সমাধান কৰিব লাগে বুলি দাবী সদৌ অসম ছাত্ৰ সন্থাৰ।