শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঔষধৰ নামত শ্ল’ পইজন…হত্য়াৰ ষড়যন্ত্ৰ! কাৰোবাৰ চক্ৰান্তৰ বলি হ’ল নেকি খালেদা জিয়া?

সদ্যপ্ৰয়াত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু বিএনপিৰ অধ্যক্ষা খালেদা জিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত ‘ইচ্ছাকৃতভাৱে গাফিলতি’ হোৱা বুলি উত্থাপিত হৈছে অভিযোগ। এই অভিযোগ তুলিছে তেওঁৰ চিকিৎসাৰ বাবে গঠন কৰা চিকিৎসা ব’ৰ্ডৰ মুৰব্বী অধ্যাপক-চিকিৎসক এফ এম ছিদ্দিকীয়ে।

ঔষধৰ নামত শ্ল’ পইজন…হত্য়াৰ ষড়যন্ত্ৰ! কাৰোবাৰ চক্ৰান্তৰ বলি হ’ল নেকি খালেদা জিয়া?
খালেদা জিয়াImage Credit source: Khurshad Alam Rinku/Anadolu Agency/Getty Images
Raj Saikia
Raj Saikia | Updated On: 19 Jan 2026 19:00 PM

নিৰ্বাচন ঘোষণা, বাংলাদেশলৈ প্ৰত্যাৱৰ্তন পুত্ৰৰ! সেই সময়তেই হত্যাৰ চেষ্টা কৰা হৈছিল নেকি খালেদা জিয়াক? কিন্তু তেওঁৰ চিকিৎসাৰ বাবে গঠন হোৱা মেডিকেল ব’ৰ্ডৰ এজন সদস্য আছিল নিজৰেই বোৱাৰী জুবেইদা ৰহমান। তেন্তে কেনেকৈ হ’ব পাৰে ষড়যন্ত্ৰ? এই প্ৰশ্নবোৰ বাংলাদেশৰ ভিতৰতে মুখ বাগৰিবলৈ ধৰিছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ৩০ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু আজি হঠাৎ কিয় চৰ্চা হৈছে এই প্ৰসংগ?

এই চৰ্চা আৰম্ভ হৈছে এটা ইংগিতক লৈ। সদ্যপ্ৰয়াত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু বিএনপিৰ অধ্যক্ষা খালেদা জিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত ‘ইচ্ছাকৃতভাৱে গাফিলতি’ হোৱা বুলি উত্থাপিত হৈছে অভিযোগ। এই অভিযোগ তুলিছে তেওঁৰ চিকিৎসাৰ বাবে গঠন কৰা চিকিৎসা ব’ৰ্ডৰ মুৰব্বী অধ্যাপক-চিকিৎসক এফ এম ছিদ্দিকীয়ে। তেওঁ কয়, ‘‘ভুল চিকিৎসা আৰু গাফিলতিৰ বাবে খালেদা জিয়াৰ যকৃতৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিছিল আৰু তেওঁক মৃত্যুৰ দিশে ঠেলি দিয়া হৈছিল।’’

প্ৰথম আলোত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ খালেদা জিয়াৰ বাবে নাগৰিক সমাজে আয়োজন কৰা ৰাজহুৱা শোক সভাত দিয়া ভাষণত চিকিৎসকগৰাকীয়ে এই বিষয়টো উত্থাপন কৰে। তেওঁৰ মতে, “মেডিকেল ইউনিভাৰ্চিটিৰ মেডিকেল ডিচচাৰ্জ চাৰ্টিফিকেটত খালেদা জিয়াক নিয়মিতভাৱে বাতবিষৰ ঔষধ হিচাপে মেথ’ট্ৰেক্সেট নামৰ টেবলেট এটা খাবলৈ নিৰ্দেশ দিয়া হৈছিল। ভৰ্তি হোৱাৰ পিছতে সেই ঔষধ দিয়া হৈছিল তেওঁক। অৱশ্যে আমি লগে লগে ঔষধ বন্ধ কৰি দিলোঁ।”

আচলতে ঢাকা মেডিকেল ইউনিভাৰ্চিটি চৰকাৰী প্ৰতিষ্ঠান। যিটো অন্তৱৰ্তীকালীন চৰকাৰৰ নিয়ন্ত্ৰণত। খালেদা জিয়াৰ হৈ গঠিত মেডিকেল ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে সম্প্ৰতি সেই মেডিকেল কলেজৰ চিকিত্‍সকলৈ অভিযোগৰ আঙুলি টোৱাইছে। আনকি এই ক্ষেত্ৰত ছিদ্দিকিয়ে ‘শ্ল’ পইজনিং’ তত্ত্বৰ ইংগিত দি কয়, ‘‘মেথ’ট্ৰেক্সেট হৈছে সেই ঔষধ যিয়ে তেওঁৰ ফেটি লিভাৰ ৰোগক আৰু অধিক ভয়াৱহ কৰি চিৰ’চিছলৈ ৰূপান্তৰিত কৰিছিল। এই প্ৰসংগত তেওঁৰ যকৃতৰ বাবে ই আছিল শ্ল’ পইজন সদৃশ।’’

তাৰ পিছত তেওঁ কয়, ‘‘যকৃতৰ দ্ৰুত অৱক্ষয়ৰ মাজেৰে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল। এয়া ইচ্ছাকৃতভাৱে কৰা গাফিলতি। যিটো ক্ষমা কৰিব নোৱাৰা অপৰাধৰ সমান। এয়া তেওঁক হত্যা কৰাৰ সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ অংশ নেকি তদন্ত কৰাটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও ডায়েবেটিছ আৰু বাতবিষৰ চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ স্পষ্ট প্ৰমাণ মেডিকেল ব’ৰ্ডৰ হাতত আছে।’’