January 19, 2026
TV9 ASSAM
দিনটোত কমেও ৭-৮ ঘণ্টা পৰ্যাপ্ত টোপনি যোৱা, মানসিক চাপ নিয়ন্ত্ৰণত ৰখা- এই সকলোবোৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে গুৰুত্বপূৰ্ণ।
অৱশ্যে ইয়াৰ লগতে দৈনন্দিন কিছুমান বেয়া অভ্যাসকো তৎক্ষণাত ত্যাগ কৰিব লাগে। কাৰণ ই গোপনে হৃদযন্ত্ৰৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে।
ই হৃদযন্ত্ৰৰ বাবে আটাইতকৈ ক্ষতিকাৰক অভ্যাস। ধূমপানৰ ফলত ৰক্তবাহী নলীবোৰ সংকুচিত হৈ চৰ্বি জমা হৈ কঠিন হৈ পৰে। ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
ধঁপাতত থকা নিকোটিনে ৰক্তচাপ বৃদ্ধি কৰে আৰু কাৰ্বন মনোক্সাইডে তেজত থকা অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰি হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি কৰে।
নিমখত থকা ছডিয়ামে তেজত পানীৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত প্ৰত্যক্ষভাৱে উচ্চ ৰক্তচাপৰ সমস্যা হ’ব পাৰে। যি হৃদয়ৰ বাবে ক্ষতিকাৰক।
উচ্চ ৰক্তচাপে হৃদযন্ত্ৰৰ পেশী দুৰ্বল কৰি ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। দিনটোত ৫ গ্ৰাম বা এচামুচতকৈ বেছি নিমখ কেতিয়াও খাব নালাগে।
গোটেই দিনটো বহি থকা বা কোনো ধৰণৰ ব্যায়াম নকৰাৰ প্ৰৱণতাও হৃদযন্ত্ৰৰ বাবে বহুত বেয়া। ইয়েই মেদবহুলতা, কলেষ্টেৰল আৰু ডায়েবেটিছৰ প্ৰধান কাৰণ।
ব্যায়াম নকৰিলে হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতা কমি যায় আৰু ৰক্তবাহী নলীত ‘বেয়া কলেষ্টেৰল’ জমা হ’বলৈ আৰম্ভ কৰে।
পঢ়িবলৈ ক্লিক কৰক