শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি দিনটোত ক’ত কি ঘটিল ? পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি সোমবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি ক'ত কি ঘটিল ? পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

আজি দিনটোত ক’ত কি ঘটিল ? পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
Manas Borah
Manas Borah | Updated On: 19 Jan 2026 20:05 PM

আজি ১৯ জানুৱাৰী ২০২৬, সোমবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ গোচৰৰ পাছতে শিখা শৰ্মাক গ্ৰেপ্তাৰ আৰক্ষৰ। নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ বিৰোধিতা গৌৰৱ গগৈৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এক তীৰ্যক সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পকেটমানিৰ প্ৰয়োজন, সেয়ে এই কৰিড’ৰ নিৰ্মাণ কৰিছে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. আৰক্ষীৰ জালত বিতৰ্কিত শিখা শৰ্মা। জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰিছিল সঘনাই বিতৰ্কৰ আৱৰ্তত থকা মহিলাগৰাকীয়ে। আজি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ শিখা শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ শাখাত এক গোচৰ তৰে। তাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। শিখা শৰ্মাৰ বিৰুদ্ধে জুবিন গাৰ্গ ফেন ক্লাৱেও দিছপুৰ থানাত তৰিছে গোচৰ।
  2. নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ বিৰোধিতা গৌৰৱ গগৈৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এক তীৰ্যক সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পকেটমানিৰ প্ৰয়োজন, সেয়ে এই কৰিড’ৰ নিৰ্মাণ কৰিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে চিণ্ডিকেট চলোৱাৰো অভিযোগ গৌৰৱ গগৈৰ।
  3. অসমত অবৈধ অনুপ্ৰৱেশ সন্দৰ্ভত নৰেন্দ্ৰ মোদীক সমালোচনা কংগ্ৰেছ নেতা উদিত ৰাজৰ। দেওবাৰে অসমৰ অনুপ্ৰৱেশৰ সমস্য়াক লৈ কংগ্ৰেছক দোষাৰোপ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। আজি উদিত ৰাজে কয় যে এক দশকৰো অধিক সময় দেশ শাসন কৰা বিজেপি চৰকাৰ অনুপ্ৰৱেশ ৰোধত ব্যৰ্থ হৈছে।
  4. কোনো কাৰণতে AIUDF ৰ সৈতে মিত্ৰতা নহয় কংগ্ৰেছৰ। এই কথা স্পষ্ট কৰি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লোকসভা নিৰ্বাচনত বিধ্বস্ত হোৱাৰ পাছত দলটোৰ এতিয়া ভেটি অত্যন্ত দুৰ্বল হৈ পৰা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে।
  5. খহনীয়া প্ৰতিৰোধৰ দাবীত ১২ ঘণ্টীয়া অনশনত বহিল সদৌ অসম ছাত্ৰসন্থাৰ ডিব্ৰুগড় জিলা সমিতি। মাইজানৰ পৰা বগীবিললৈকে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰিছে যদিও জলসম্পদ বিভাগে যোৱা এসপ্তাহ ধৰি কাম বন্ধ কৰি ৰখাৰ অভিযোগ। খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী সংগঠনটোৰ।
  6. সৰ্বানন্দ সোণোৱালৰ লেটাৰহেড আৰু স্বাক্ষৰ জালিয়াতিৰ অভিযোগ। কোনো দুষ্ট চক্ৰই কু-অভিপ্ৰায়েৰে এই কাৰ্য কৰা বুলি সামাজিক মাধ্যমত জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইফালে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই এয়া কংগ্ৰেছৰ নিঃকৃষ্ট কাণ্ড বুলি অভিহিত কৰে।
  7. কাইলৈ ঘোষণা হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম। আজি মনোনয়ন দাখিল কৰে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে। তেঁৱেই বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি হিচাপে প্ৰায় নিশ্চিত হৈছে। এতিয়া বাকী মাথোঁ আনুষ্ঠানিক ঘোষণা।
  8. ইউডিএফ মহাপঞ্চায়তত বিজেপি আৰু আৰএছএছক আক্ৰমণ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ। তেওঁ কয় যে আৰ এছ এছ আৰু বিজেপি ক্ষমতাৰ কেন্দ্ৰীকৰণৰ পক্ষপাতী, আনহাতে কংগ্ৰেছে বিকেন্দ্ৰীকৰণৰ পক্ষত থাকে। বিজেপি, আৰএছএছে ভাৰতৰ জনসাধাৰণৰ পৰা আজ্ঞাবহতা বিচাৰে। তেওঁলোকে ভাৰতবাসীৰ মাত শুনিব নিবিচাৰে।
  9. নিৰ্বাচনী কুচকাৱাজৰ অংশ হিচাপে আজি গোৱালপাৰাত উপস্থিত হয় কংগ্ৰেছ নেতা গৌৰৱ গগৈ। তেওঁ দাবী কৰে যেনেদৰে মোগলৰ অহংকাৰ শৰাইঘাটৰ ৰণত ম্লান পৰিছিল, ঠিক তেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আগন্তক নিৰ্বাচনত পতন ঘটিব। জনজাতীয় খিলঞ্জীয়া লোকসকলৰ মাটি লৈ বিজেপিয়ে এটা ব্যৱসায় আৰু ছিণ্ডিকেট চলায় থকা বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে।