আপোনাৰ জিভাৰ ৰঙে দিয়ে দেহত হোৱা সমস্যাৰ ইংগিত

19 Jan 2026

TV9 ASSAM

আমাৰ দেহত কোনো ৰোগে বাহ ল’লে বাহ্যিক অংগই তাৰ আগজাননী দিয়ে। সেইবাবেই চিকিৎসকে প্ৰথমে আমাৰ জিভাখন পৰীক্ষা কৰে।

জিভাৰ গুৰুত্ব

জিভাত বগা দাগ পৰিলে ই ভেঁকুৰৰ সংক্ৰমণ হোৱা বুজায়। লগতে শৰীৰত পানীৰ অভাৱ বা 'লিউকোপ্লাকিয়া'ৰ দৰে সমস্যা হ’লেও জিভা বগা পৰিব পাৰে।

বগা দাগ

জিভাৰ ৰং ক’লা হোৱাটো ডিঙিৰ সংক্ৰমণ বা বেক্টেৰিয়া বৃদ্ধিৰ লক্ষণ। ডায়েবেটিছ, পেটৰ আলচাৰ বা কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগ হ’লেও জিভা ক’লা পৰিব পাৰে।

ক’লা জিভা

জিভা হালধীয়া পৰাটো জণ্ডিচৰ এক আগতীয়া সংকেট। ই শৰীৰত বিলিৰুবিনৰ মাত্ৰা বৃদ্ধি হোৱা বুজায়। এনে হ’লে লগে লগে লিভাৰৰ পৰীক্ষা কৰা উচিত।

হালধীয়া জিভা

জিভাৰ নীলা বা বাদামী ৰঙে হৃদযন্ত্ৰৰ সমস্যাৰ ইংগিত দিয়ে। তেজত অক্সিজেনৰ অভাৱ হ’লে বা হৃদযন্ত্ৰই তেজ সঠিকভাৱে পাম্প কৰিব নোৱাৰিলে এনে হয়।

নীলা বা বাদামী

জিভাৰ ৰং শেঁতা পৰা মানেই হ’ল শৰীৰত তেজৰ অভাৱ বা ৰক্তহীনতা। ইয়াৰ উপৰিও ভিটামিন বি-১২ ৰ অভাৱ হ’লেও জিভা শেঁতা পৰিব পাৰে।

শেঁতা জিভা

পঢ়িবলৈ ক্লিক কৰক 

তেজপাতৰ এনে গুণে আচৰিত কৰিব আপোনাক