চিকেন নেক’ত বাংলাদেশৰ হেঁচা! পিছে ভাৰতৰ এই পদক্ষেপে ইউনুছক দিব পাৰে ডাঙৰ চিন্তা…
বিগত সময়চোৱাত ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ক অধিক অৱনতি ঘটিছে। চিকেন নেকক লৈ বাংলাদেশৰ একাংশ নেতাই ভাৰতক ভাবুকি প্ৰদান কৰি আহিছে। কিন্তু ইয়াৰ মাজতে ভাৰতে গ্ৰহণ কৰিছে এক ডাঙৰ পদক্ষেপ।
বিগত সময়চোৱাত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ মাজত যথেষ্ঠ অৱনতি ঘটিছে। বাংলাদেশ ছাত্ৰ নেতা আৰু যুৱ নেতাই ভাৰত-বাংলাদেশ সীমান্তত ২২ কিলোমিটাৰৰ চিকেন নেক কাটি দিয়াৰ মুকলি ভাবুকি প্ৰদান কৰিছে। কিন্তু ভাৰতে সেই চিকেন নেকক লৈ যি পদক্ষেপ লৈছে সেই কথাই এতিয়া বাংলাদেশ ছাত্ৰ নেতাৰ মুখ বন্ধ কৰি ৰাখিছে। ইউনুছকো যে চিন্তাত পেলাব সেয়া এক প্ৰকাৰ নিশ্চিত।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ভাৰতে চিকেন নেকৰ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে শিলিগুৰি ক’ৰিড’ৰত ব্ৰাহ্মছ মিছাইল (Brahmos Missile) আৰু এছ-৪০০ (S 400) ডিফেন্স চিষ্টেম নিয়োগ কৰিছে। ইমানেই নহয়, উত্তৰ-পূব ভাৰতৰ সৈতে দেশৰ বাকী অংশৰ সংযোগ অক্ষত ৰাখিবলৈ ভাৰতে বামনি, কিষানগঞ্জ আৰু চোপ্ৰাত তিনিটা সামৰিক দুৰ্গ নিৰ্মাণ কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, বাংলাদেশৰ ‘কেয়াৰটেকাৰ’ চৰকাৰৰ মুৰব্বী ইউনুছে সঘনাই পাকিস্তানৰ সেনা প্ৰধান আৰু বিষয়াসকলৰ সৈতে যিদৰে সাক্ষাৎ কৰি আছে, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ভাৰতে কেৱল বাংলাদেশৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবেই নহয়, চীনৰ আগ্ৰাসনৰ প্ৰতিও প্ৰত্যুত্তৰ দিবলৈ সীমান্ত নিৰাপত্তাৰ প্ৰতি গুৰুত্ব দিছে।
এক কথাত শিলিগুৰি ক’ৰিড’ৰ এতিয়া দুৰ্গ, য’ত বহুস্তৰীয় সুৰক্ষা ব্যৱস্থা স্থাপন কৰা হৈছে। এনেদৰে প্ৰস্তুতি কৰা হৈছে যে কোনো আক্ৰমণৰ ক্ষেত্ৰত বা প্ৰয়োজন হ’লে পশ্চিম বংগ, ছিকিম আৰু উত্তৰ-পূবৰ পৰা আৰ্মিৰ বাহন, অস্ত্ৰ-শস্ত্ৰকে ধৰি সকলো সামৰিক সা-সজুলি শীঘ্ৰেই আনিব পৰা যাব। সেনাৰ সূত্ৰ অনুসৰি, শিলিগুৰি সমীপৰ সুকনাত ‘ত্ৰিশক্তি কোৰ’ বাহিনী মোতায়েন কৰা হৈছে। টি-৯০ৰ (T-90) দৰে যুদ্ধ টেংক আছে। বিমান সুৰক্ষাৰ বাবে হাছিমাৰাত ৰাফেল যুদ্ধ বিমান ৰখা হৈছে। ইয়াৰোপৰি আছে মিগ যুদ্ধ বিমান। সমান্তৰালকৈ ব্ৰহ্মাছ মিছাইল প্ৰস্তুত কৰি ৰখা হৈছে। ভাৰতীয় সেনা প্ৰতিৰক্ষা আৰু প্ৰতিশোধ দুয়োটাৰে বাবে সাজু বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
ইয়াৰ উপৰিও বাংলাদেশ বা চীনৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ভাৰতৰ ঢাল হিচাপে থিয় দিছে এছ-৪০০ প্ৰতিৰক্ষা ব্যৱস্থা। ৰাছিয়াৰ পৰা ক্ৰয় কৰা ছাৰ্ফেচ টু এয়াৰ মিছাইল সাজু আছে। ইজৰাইলৰ পৰা ক্ৰয় কৰা মধ্যম দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ু ক্ষেপণাস্ত্ৰৰ লগতে ডি আৰ ডি অ’ (DRDO)ৰ দ্বাৰা নিৰ্মিত আকাশ ক্ষেপণাস্ত্ৰও ভাৰতীয় সেনাই শিলিগুৰি ক’ৰিড’ৰৰ ওচৰত স্থাপন কৰিছে।
চিকেন নেক চীন, নেপাল, ভূটান আৰু বাংলাদেশৰ মাজত আছে। এই অঞ্চলটো দেশৰ বাকী অংশই ‘সাত ভনী’ৰ সৈতে যোগাযোগ কৰিবলৈ সুৰক্ষিত কৰি ৰখাটো অতি প্ৰয়োজনীয়। চলিত বৰ্ষৰ মাৰ্চ মাহত চীন ভ্ৰমণৰ সময়ত ইউনুছে উত্তৰ-পূবক ‘লেণ্ডলক’ আখ্যা দিছিল। তেওঁ কৈছিল যে, বাংলাদেশ অঞ্চলটোৰ একমাত্ৰ সাগৰীয় পথৰ ৰক্ষী।
হাছিনা চৰকাৰৰ পতনৰ পাছতে ইউনুছে চীন আৰু পাকিস্তানৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিছে। ভাৰতক বিপদত পেলাবলৈ সীমান্তৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ দূৰত্বত থকা লালমণিৰ হাটত চীনৰ বাবে বিমান ঘাটি নিৰ্মাণৰ অনুমতি দিছে ইউনুছে। ২০৩০ চনৰ ভিতৰত চীনৰ ঘাটি নিৰ্মাণ কৰা হ’ব। এই সকলো দিশৰ ওপৰত লক্ষ্য ৰাখি ভাৰত-বাংলাদেশ সীমান্তত ৩৬০ ডিগ্ৰী নিৰাপত্তাৰ বাবে ৮১৬০ কোটি টকাৰ অতিৰিক্ত খৰচত অতিৰিক্ত দুটা আকাশ এডভান্সড মিছাইল চিষ্টেম আৰু ভৈৰৱ বেটেলিয়ন মোতায়েন কৰিছে ভাৰতীয় সেনাই। একে সময়তে সেনাৰ নতুন ড্ৰ’ন বাহিনী ‘আছনি প্লাটুন’, আত্মঘাতী কামিকাজে ড্ৰ’ন নিয়োগ কৰা হৈছে।
অন্য খবৰ পঢ়কঃ বাংলাদেশত কি হৈছিল দীপুৰ সৈতে? ৪ অভিযুক্তই স্বীকাৰ কৰিলে সকলো…