শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাংলাদেশত কি হৈছিল দীপুৰ সৈতে? ৪ অভিযুক্তই স্বীকাৰ কৰিলে সকলো…

বাংলাদেশত দীপু চন্দ্ৰ দাস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। এই ঘটনা সন্দৰ্ভত শেহতীয়াকৈ বাংলাদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাগৰাকী অভিযুক্তক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

বাংলাদেশত কি হৈছিল দীপুৰ সৈতে? ৪ অভিযুক্তই স্বীকাৰ কৰিলে সকলো…
বাংলাদেশ
barasha-sarma
Barasha Sarma | Published: 26 Dec 2025 10:05 AM

বাংলাদেশত বৰ্তমান তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ছাত্ৰ নেতা শ্বৰীফ ওছমান হাদীৰ মৃত্যুত উত্তাল পৰিৱেশৰ সৃষ্টি হোৱাৰ বিপৰীতে হিন্দু যুৱক দীপু চন্দ্ৰ দাস হত্যাকাণ্ডইও সমগ্ৰ বিশ্ব জোকাৰি যায়। দীপু হত্যাকাণ্ডত শেহতীয়াকৈ আৰক্ষীয়ে ৪ জনক গ্ৰেপ্তাৰ কৰিছে, যিসকলে ইতিমধ্যে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। অভিযোগ অনুসৰি, হজৰত মহম্মদক নিন্দা কৰাৰ বাবে একাংশই তেওঁক প্ৰহাৰ কৰি গছত বান্ধি জীৱন্তে জ্বলাই দিছিল। ইয়াৰ মাজতে শেহতীয়াকৈ হত্যাৰ বলি হৈছে ২৯ বছৰীয়া অমৃত মণ্ডল।

দীপু নামৰ লোকজনে মাইমেনসিংহৰ এটা কাপোৰৰ কাৰখানাত কাম কৰিছিল। দীপুক হত্যা কৰা লোককেইজনে বৃৃহস্পতিবাৰে আদালতত হত্যাৰ কথা স্বীকাৰ কৰিছে। এই ৪ অভিযুক্তৰ নাম তাৰিক হুছেইন (১৯), মানিক মিঞা (২০), নিজামুল হক (২০), আৰু আজমল চাগিৰে (২৬)। এই আটাইকেইজন এটা কাৰখানাৰ কৰ্মচাৰী।

মাইমেনছিঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰশাসন) আব্দুল্লা আল মামুনে কয় যে অভিযুক্তসকলে আদালতত ১৬৪ ধাৰাত দিয়া বক্তব্যত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। কিন্তু তদন্তৰ খাতিৰত এয়া প্ৰকাশ কৰিব নোৱাৰি। তেওঁলোকে যে হত্যা কৰিছে সেয়া স্বীকাৰ কৰিছে। আৰক্ষীয়ে এয়াও কয় যে, এয়া প্ৰথমে পৰিকল্পনা যেন লাগিছিল। কিন্তু এই হত্যাকাণ্ড পৰিকল্পিত নাছিল। অভিযুক্তই আৰু কেইবাগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰিছে। বৰ্তমান আটাই অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

দীপুক কিয় হত্যা কৰিলে

দীপুৱে এটা কাৰখানাত কাম কৰিছিল আৰু ভাড়াত থাকি জীৱন নিৰ্বাহ কৰিছিল। আৰক্ষীৰ মতে, ঘটনাৰ নিশা প্ৰায় ৯ মান বজাত একাংশ লোকে দীপুক আটক কৰে। হজৰত মহম্মদৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত একাংশ লোকে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰে। পাছত গছত বান্ধি মৃতদেহটো জ্বলাই দিয়ে।

কেৱল দীপুকেই নহয়, বাংলাদেশত বিগত সময়চোৱাত সংখ্যালঘু লোকৰ বিৰুদ্ধে বিভিন্ন হিংসাত্মক ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ অমৃত মণ্ডল ওৰফে সম্ৰাটক মাৰপিট কৰি হত্যা কৰে একাংশই। এই সমগ্ৰ ঘটনাই বৰ্তমান বাংলাদেশত উত্তেজনাৰ সৃষ্টি কৰি ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ বাংলাদেশত ডাঙৰ ঘটনা! চাহ খাবলৈ যোৱা যুৱকৰ ওপৰত বোমা নিক্ষেপ…