শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমি কেতিয়াও আত্মসমৰ্পন নকৰো, আমেৰিকাই আক্ৰমণ কৰিলে ধ্বংস কৰি পেলামঃ ইৰাণ

অব্যাহত আছে ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা। আমেৰিকাই ইৰাণক সকীয়নি প্ৰদান কৰাৰ পাছতে এতিয়া ইৰাণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইৰাণে কৈছে যে, কোনো পধ্যেই তেওঁলোকে আত্মসমৰ্পন নকৰে।

আমি কেতিয়াও আত্মসমৰ্পন নকৰো, আমেৰিকাই আক্ৰমণ কৰিলে ধ্বংস কৰি পেলামঃ ইৰাণ
ইৰাণ-ইজৰাইল-আমেৰিকাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 18 Jun 2025 18:32 PM

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘৰ্ষত মুকলিকৈ সোমাই পৰিছে আমেৰিকা। শেহতীয়াকৈ দেশখনে ইৰাণক মুকলি ভাবুকি দি আহিছে আৰু কৈছে যে কোনো পধ্যেই ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে। আনকি জি৭ ত অংশ গ্ৰহণ কৰাৰ পূৰ্বে ট্ৰাম্পে তেহৰাণ খালী কৰাৰো নিৰ্দেশ দিয়ে। কিন্তু আমেৰিকাৰ সকীয়নিত ভয় খোৱা নাই ইৰাণে। দেশখনৰ ৮৬ বছৰীয়া সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই আমেৰিকা আৰু ইজৰাইল উভয়কে স্পষ্ট সতৰ্কবাণী দিছে।

ইৰাণ চৰকাৰী সংবাদ মাধ্যমৰ মতে, খামনেই স্পষ্ট কৰি দিছে যে আমেৰিকাই যদি কোনো ধৰণৰ সামৰিক হস্তক্ষেপ কৰে, তেন্তে ইয়াৰ পৰিণতি অতি ভয়ংকৰ হ’ব। ইয়াৰ ক্ষতিপূৰণ কোনোৱে দিব নোৱাৰিব। বিনা চৰ্ত আত্মসমৰ্পনৰ দাবীৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য কৰে খামনেই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিনা চৰ্ত আত্মসমৰ্পন কৰাৰ বাবে ইৰাণক নিৰ্দেশ দিছিল। লগতে কৈছিল যে, খামনেই কত লুকাই আছে সেয়া আমেৰিকাই জানে। কিন্তু এতিয়াই খামনেইক হত্যা কৰাৰ উদ্দেশ্য আমেৰিকাৰ নহয়।

আমেৰিকাৰ এই সকীয়নিতে প্ৰতিক্ৰিয়া ব্যক্তি কৰি খামনেই কয় যে, যিসকলে ইৰাণৰ ইতিহাস জানে তেওঁলোকে ভাবুকিভৰা কথা নকয়। লগতে স্পষ্ট কৰি দিয়ে যে কোনো পধ্যেই ইৰাণে আত্মসমৰ্পন নকৰে। আমেৰিকা-ইজৰাইলক বাৰ্তা প্ৰদান কৰাৰ লগতে খামনেই জনসাধাৰণক প্ৰশংসা কৰি কয় যে, ইজৰাইলৰ আক্ৰমণৰ পিছত জনসাধাৰণৰ ধৈৰ্য্য আৰু সাহস তেওঁলোকৰ জাতীয় শক্তিৰ প্ৰতীক। ইৰাণ ৰাষ্ট্ৰই কোনো জাপি দিয়া যুদ্ধত শিৰনত নকৰে। ইয়াৰোপৰি ইৰাণে কেতিয়াও জাপি দিয়া শান্তি চুক্তি মানি নলয়।

ইজৰাইলক কটাক্ষ কৰি ইৰাণে কয় যে, তেওঁলোকে ইৰাণৰ আকাশমাৰ্গত অনুপ্ৰৱেশ কৰি গুৰুতৰ ভুল কৰিছে। এয়া ইৰাণৰ ৰেড লাইন আৰু ইয়াক অতিক্ৰম কৰিলে কাকে ক্ষমা কৰা নহয়। এই ভুলৰ বাবে ইজৰাইলে যথেষ্ট মূল্য দিব লাগিব বুলি সকীয়াই দিয়ে খামেনেই। খামনেই দেশবাসীক এই ক্ষেত্ৰত একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাই, লগতে কয় যে, শ্বহীদৰ তেজ অথলে নাযায়। ইৰাণৰ শক্তি সাহসী, এই শক্তিয়ে দেশখনত আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাসী কৰি তোলে।

ইয়াৰ বিপৰীতে আমেৰিকাৰ সূত্ৰ অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ উপদেষ্টাসকলে বৰ্তমান ইজৰাইলৰ সহযোগত ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰাকে ধৰি কেইবাটাও বিকল্পৰ কথা বিবেচনা কৰি আছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা হোৱা নাই। ৰাষ্ট্ৰসংঘত ইৰাণৰ ৰাষ্ট্ৰদূত আলী বাহৰেইনেও সকীয়াই দিছে যে যদিহে আমেৰিকাই পোনপটীয়াকৈ এই আক্ৰমণত অংশগ্ৰহণ কৰে তেন্তে ইৰানে প্ৰতিশোধ ল’ব। এই যুদ্ধত আমেৰিকা ইজৰাইলৰ অংশীদাৰ বুলি কয় ইৰাণে।

 

অন্য খবৰ পঢ়কঃ ইৰাণক বিশ্বাসঘাটকতা পাকিস্তানৰ! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত ডাঙৰ মন্তব্য…