শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শীঘ্ৰে ভাৰতলৈ আহিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি! এই বিষয়ত হ’ব আলোচনা…

ভাৰতলৈ আহিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত অলেক্সেণ্ড্ৰ পলিছচুকে এই কথা নিশ্চিত কৰিছে। পোলিছচুকে কয় যে তাৰিখ নিৰ্ধাৰণৰ বাবে আলোচনা চলি আছে।

শীঘ্ৰে ভাৰতলৈ আহিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি! এই বিষয়ত হ’ব আলোচনা…
ইউক্ৰেইনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জেলেনস্কিৰ বৈঠকImage Credit source: PTI
trishna-kalita
Trishna Kalita | Published: 24 Aug 2025 12:55 PM

শীঘ্ৰেই ভাৰতলৈ আহিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত অলেক্সেণ্ড্ৰ পলিছচুকে এই কথা নিশ্চিত কৰিছে। পোলিছচুকে কয় যে তাৰিখ নিৰ্ধাৰণৰ বাবে আলোচনা চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰৰ আগষ্ট মাহত ইউক্ৰেইন ভ্ৰমণ কৰিছিল। এই সময়ত জেলেনস্কিক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনোৱা হৈছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ এয়া হ’ব প্ৰথম ভাৰত ভ্ৰমণ।

পোলিছচুকে কয়, ‘ভাৰত আৰু ইউক্ৰেইনৰ মাজত ভৱিষ্যতে কৌশলগত অংশীদাৰিত্বৰ সম্ভাৱনা আমাৰ আছে। প্ৰধানমন্ত্ৰী মোদীয়ে জেলেনস্কিক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে। দুয়োপক্ষই ইয়াৰ ওপৰত কাম কৰি আছে। আমি আশা কৰিছো যে ৰাষ্ট্ৰপতি জেলেনস্কি নিশ্চয় ভাৰতলৈ যাব। আমাৰ দ্বিপাক্ষিক সম্পৰ্কত এয়া এক বৃহৎ সাফল্য হ’ব। আমি এটা তাৰিখৰ ওপৰত একমত হ’বলৈ চেষ্টা কৰিছো।’

ইউক্ৰেইনৰ শিশুসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ আগষ্ট মাহত ইউক্ৰেইন ভ্ৰমণ কৰিছিল। এইটো আছিল যিকোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউক্ৰেইন ভ্ৰমণ। এই সময়ত মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত উপস্থিত হৈ যুদ্ধত নিহত শিশুসকলক শ্ৰদ্ধাঞ্জলি জনাইছিল। ইউক্ৰেইনৰ মাৰিইনস্কি পেলেচত মোদী আৰু জেলেনস্কি ৩ ঘণ্টীয়া বৈঠক মিলিত হৈছিল। তেতিয়াই তেওঁ জেলেনস্কিক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।

এই বৈঠকৰ অন্তত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ কথাও কথা পাতিছিল। জয়শংকৰে কয়, বজাৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেল ক্ৰয়ৰ সিদ্ধান্ত লোৱা হৈছে, ইয়াৰ আঁৰত কোনো ৰাজনৈতিক কাৰণ নাই।

ভাৰত ভ্ৰমণ কৰিব পুটিনে

চলিত বৰ্ষৰ অন্তিম সপ্তাহত ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। এন এছ এ অজিত ডোভালৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ সংস্থা টাছে এই তথ্য প্ৰদান কৰিছে। বাণিজ্যক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনাৰ পৰিস্থিতিত পুটিনৰ এই ভ্ৰমণক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আমেৰিকাই ভাৰতৰ ওপৰত ৫০% শুল্ক আৰোপ কৰিছে, ইয়াৰে ২৫% শুল্ক জৰিমনা হিচাপে আৰোপ কৰা হৈছে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত এই শাস্তি আৰোপ কৰা হৈছে।