শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

“মই পাক-আফগানৰ যুদ্ধ বন্ধ কৰিম…”, ট্ৰাম্পৰ দাবী, শ্বৰীফ আৰু মুনীৰক মহান আখ্যা

পাকিস্তান আৰু আফগানিস্তানৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে শান্তিৰ স্থাপনত সহায় কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। অৱশ্যে তেতিয়া তেওঁ,  হামাছ আৰু ইজৰাইলৰ মাজত পণবন্দী বিনিময়ৰ তদাৰক কৰাত ব্যস্ত হৈ আছিল।

“মই পাক-আফগানৰ যুদ্ধ বন্ধ কৰিম…”, ট্ৰাম্পৰ দাবী, শ্বৰীফ আৰু মুনীৰক মহান আখ্যা
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
trishna-kalita
Trishna Kalita | Updated On: 27 Oct 2025 07:51 AM

দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাকিস্তান আৰু আফগানিস্তানৰ সংঘাত অতি শীঘ্ৰে সমাধান কৰিব বুলি কয়। তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু সেনা প্ৰধান অসীম মুনীৰক “মহান ব্যক্তি” বুলি অভিহিত কৰে। মালয়েছিয়াত অনুষ্ঠিত হোৱা আছিয়ান সন্মিলনৰ আঁৰত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি তেওঁ পাকিস্তান আৰু আফগানিস্তানৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ বিষয়ে কয়।

তেওঁ কয়, “মই দুয়োকে চিনি পাওঁ। ফিল্ড মাৰ্শ্বাল আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী দুয়োজনেই মহান ব্যক্তি, আৰু মই জানো যে আমি এই কাম অতি সোনকালে কৰিম। এই কাম মাত্ৰ কেইদিনমানৰ আগতে আৰম্ভ হৈছে।”

শান্তি স্থাপনত সহায়

পাকিস্তান আৰু আফগানিস্তানৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে শান্তিৰ স্থাপনত সহায় কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। অৱশ্যে তেতিয়া তেওঁ,  হামাছ আৰু ইজৰাইলৰ মাজত পণবন্দী বিনিময়ৰ তদাৰক কৰাত ব্যস্ত হৈ আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “মই যুদ্ধ সমাধানত  ভাল হোৱাৰ বাবে শান্তি প্ৰতিষ্ঠাতো ভাল”।

ইফালে পাকিস্তান আৰু আফগানিস্তানে ইস্তানবুলত দ্বিতীয় ৰাউণ্ডৰ আলোচনাত মিলিত হৈ সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে যৌথ নিৰীক্ষণ আৰু পৰিদৰ্শন ব্যৱস্থা স্থাপন কৰে। অৱশ্যে ইছলামবাদে সকীয়াই দিছে যে যদিহে আলোচনাই সন্ত্ৰাসবাদৰ মূল উদ্বেগক সমাধান কৰিব নোৱাৰে তেন্তে যুদ্ধ বিকল্প হৈয়েই থাকিব।

পাকিস্তানৰ সৈতে কৌশলগত সম্পৰ্ক

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে তেওঁৰ দেশে পাকিস্তানৰ সৈতে কৌশলগত সম্পৰ্ক বৃদ্ধিৰ বাবে আগ্ৰহী যদিও ভাৰতৰ সৈতে থকা ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ সম্পৰ্কৰ মূল্যত নহ’ব।  কুৱালালামপুৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে হোৱা নিৰ্ধাৰিত বৈঠকৰ পূৰ্বে ৰাছিয়াৰ সৈতে ভাৰতৰ শক্তি সম্পৰ্কৰ কথা উল্লেখ কৰি ৰুবিঅ’ই কয় যে, নতুন দিল্লীয়ে ইতিমধ্যে খাৰুৱা তেল ক্ৰয়ৰ বৈচিত্ৰ্যতা বৃদ্ধিৰ ইচ্ছা প্ৰকাশ কৰিছে।

পাকিস্তানৰ সৈতে আমেৰিকাৰ সম্পৰ্ক

আছিয়ান (এছ’চিয়েচন অৱ চাউথ ইষ্ট এছিয়ান নেশ্যনছ) শীৰ্ষ সন্মিলনৰ বাবে মালয়েছিয়া ভ্ৰমণৰ পূৰ্বে সাংবাদিকৰ সৈতে এই কথা প্ৰকাশ কৰিছিল আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে। পাকিস্তানৰ সৈতে আমেৰিকাৰ সম্পৰ্ক সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত ৰুবিঅ’ই কয় যে ভাৰত স্পষ্ট কাৰণত চিন্তিত আৰু পাকিস্তানৰ সৈতে আমেৰিকাৰ সম্পৰ্ক নতুন দিল্লীৰ সৈতে সম্পৰ্কৰ মূল্যত নহ’ব। কিন্তু মই ভাবো তেওঁলোকে (ভাৰত) বুজিব লাগিব যে বহু ভিন্ন দেশৰ সৈতে আমাৰ সম্পৰ্ক আছে।পাকিস্তানৰ সৈতে আমাৰ কৌশলগত সম্পৰ্ক বৃদ্ধি কৰাৰ সুযোগ আমি দেখিবলৈ পাইছো।’