শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হোয়াইট হাউছত দীপাৱলী উদযাপন, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰা বুলি দাবী ট্ৰাম্পৰ

হোয়াইট হাউছত দীপাৱলী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি ট্ৰাম্পে ভাৰতীয় সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বাৰ্তালাপ সম্পৰ্কে নিজৰ মনোভাৱ প্ৰকাশ কৰে।

হোয়াইট হাউছত দীপাৱলী উদযাপন, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰা বুলি দাবী ট্ৰাম্পৰ
manas-borah
Manas Borah | Updated On: 22 Oct 2025 08:34 AM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাণিজ্যিক আলোচনা আমেৰিকা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। ইতিমধ্যে এই দাবী কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজে। মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ মূলতঃ বাণিজ্য সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে। অ’ভেল অফিচত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে দাবী কৰে যে, “আমি কেইবাটাও বিষয়ত আলোচনা কৰিলোঁ, কিন্তু বেছিভাগেই বাণিজ্যিক বিষয়ত আলোচনা কৰিলোঁ। লগতে তেওঁ পুনৰ কয় যে, ভাৰতে ভৱিষ্যতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল ক্ৰয় নকৰে।

হোয়াইট হাউছত দীপাৱলী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি ট্ৰাম্পে ভাৰতীয় সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বাৰ্তালাপ সম্পৰ্কে নিজৰ মনোভাৱ প্ৰকাশ কৰে। তেওঁ কয়, “ভাৰতবাসীকো আন্তৰিক শুভেচ্ছা জনাইছো। আজি আপোনাৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিলোঁ। আমাৰ মাজত বহুত ভাল কথা-বতৰা হ’ল। আমি বাণিজ্যৰ কথা পাতিলোঁ।”

আলোচনাত আঞ্চলিক শান্তিৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে বুলিও কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পে কয় যে, তেওঁ পূৰ্বে ভাৰত আৰু পাকিস্তান দুয়োখন দেশকে সংঘাতৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল। তেওঁ কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়া আৰু যুদ্ধত নাই আৰু সেয়া অতি অতি ভাল কথা।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক স্মৰণ কৰি তেওঁ প্ৰধানমন্ত্ৰীক মহান ব্যক্তি আৰু বন্ধু বুলি অভিহিত কৰি প্ৰশংসা কৰে। অৱশ্যে ট্ৰাম্পৰ শেহতীয়া দাবী নিশ্চিত কৰা নাই ভাৰতে ।

এসপ্তাহ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে একেধৰণৰ দাবী উত্থাপন কৰি কয় যে, তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিছিল, তেওঁক আশ্বাস দিছিল যে, নতুন দিল্লীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব। ইউক্ৰেইনৰ যুদ্ধক লৈ মস্কোক পৃথক কৰাৰ প্ৰচেষ্টাৰ এক ডাঙৰ পদক্ষেপ বুলি তেওঁ অভিহিত কৰে। কিন্তু ভাৰতে এই কথা স্পষ্টভাৱে অস্বীকাৰ কৰি স্পষ্ট কৰি দিয়ে যে, এনে কোনো কথা-বতৰা হোৱা নাই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে দুয়োগৰাকী নেতাৰ মাজত কোনো ধৰণৰ ফোন কল হোৱা নাই।

ৱাশ্বিংটন আৰু নতুন দিল্লীৰ মাজত চলি থকা বাণিজ্যিক উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰিছে। ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় অব্যাহত ৰখাৰ প্ৰতি সঁহাৰি জনাই ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পাছত সেই দেশৰ পৰা আমদানিৰ মুঠ শুল্কৰ হাৰ এই বছৰ প্ৰায় ৫০ শতাংশ হ’ল।