ৰে’লৰ ভিতৰত শ্বাহৰুখ খানৰ গালত চৰ মহিলাৰ, কি ভুল কৰিছিল?
কিন্তু সেইদিনা কি হৈছিল জানেনে? যাৰ বাবে এগৰাকী মহিলাই শ্বাহৰুখ খানক চৰ মাৰিলে? জিৰ’ ছবিখনৰ প্ৰচাৰৰ সময়ত শ্বাহৰুখ খানে এটা সাক্ষাৎকাৰত সেইদিনাৰ ঘটনা সকলোবোৰ বিৱৰি কৈছিল। এজন সাংবাদিকে তেওঁক সুধিলে, "আপুনি প্ৰথমে দিল্লীৰ পৰা মুম্বাইলৈ কেনেকৈ আহিছিল?"

শ্বাহৰুখ খান, নামে যাৰ পৰিচয়। হাজাৰ হাজাৰ যুৱতী-মহিলাৰ হৃদয়ত শাসন কৰা ছুপাৰষ্টাৰক কেনেকৈ কোনোবাই চৰ শোধাব পাৰে? আচৰিত নহয় নে, বিশ্বাস কৰিবলৈ টান, কিন্তু শ্বাহৰুখ খানৰ লগতে এনেকুৱাই এটা ঘটনা ঘটিছিল। বলীউডৰ ভিতৰৰ বহুতো উৰাবাতৰি বিয়পি পৰা দেখা যায়। কিন্তু এয়া উৰাবাতৰি নহয়। কাৰণ শ্বাহৰুখ খানে নিজেই এই কথা মানি লৈছিল। আনকি সকলোৰে লগত এই কথা শ্বেয়াৰ কৰিছিল।
কিন্তু সেইদিনা কি হৈছিল জানেনে? যাৰ বাবে এগৰাকী মহিলাই শ্বাহৰুখ খানক চৰ মাৰিলে? জিৰ’ ছবিখনৰ প্ৰচাৰৰ সময়ত শ্বাহৰুখ খানে এটা সাক্ষাৎকাৰত সেইদিনাৰ ঘটনা সকলোবোৰ বিৱৰি কৈছিল। এজন সাংবাদিকে তেওঁক সুধিলে, “আপুনি প্ৰথমে দিল্লীৰ পৰা মুম্বাইলৈ কেনেকৈ আহিছিল?” শ্বাহৰুখ খানে উত্তৰ দিলে, “ট্ৰেইনত।”
অৱশ্যে সেই ৰে’লখনত এক অদ্ভুত ঘটনা সংঘটিত হয়। শ্বাহৰুখ খানে টিকট কিনি ট্ৰেইনত উঠিছিল। ফলত তেওঁ নিজৰ আসন লোৱাৰ ক্ষেত্ৰত অতি সচেতন হৈ পৰিল। সকলোৰে দৰেই তেওঁ শুই আছিল । কোনোবাই যদি ক্ষন্তেক সময় বহিব বিচাৰে তেন্তে তেওঁলোককো দিছিল। কিন্তু ট্ৰেইনখন মুম্বাইত প্ৰৱেশ কৰাৰ লগে লগে অশান্তিৰ সৃষ্টি হয়। কেইবাজনো মানুহ আহি শ্বাহৰুখ খানৰ আসনত বহিব বিচাৰিছিল। তেওঁ সকলোকে কৈ আছিল যে এই আসনখন তেওঁৰ বাবে ইয়াত বহিব নোৱাৰিব। বহুতে প্ৰথম অৱস্থাত তেওঁক একো কোৱা নাছিল। সেই সময়ত শ্বাহৰুখ খানেও একো বুজিব পৰা নাছিল।
অলপ পিছতে তেওঁৰ আসনত বহিবলৈ এগৰাকী মহিলা আহিল। তেতিয়া শ্বাহৰুখে তেওঁক মহিলা হোৱাৰ বাবে বহিবলৈ অনুমতি দিলে। কিন্তু তেওঁক ক’লে যে লগত থকা মানুহজনক বহিবলৈ নিদিয়ে। কাৰণ এইখনেই তেওঁৰ আসন আছিল আৰু তেওঁ এই আসনখনৰ টিকট নিজৰ টকাৰে ক্ৰয় কৰিছিল। তাৰ পাছত হঠাৎ শ্বাহৰুখৰ গালত এটা প্ৰচণ্ড চৰ।
হঠাতে কি হ’ল শ্বাহৰুখে বুজি নাপালে। তাৰ পিছত তেওঁক কোৱা হ’ল যে, মুম্বাইত প্ৰৱেশ কৰাৰ পিছত সেইখন লোকেল ট্ৰেইন হৈ পৰিল। য’ত কোনো আসন সম্পূৰ্ণৰূপে সংৰক্ষিত নাছিল। ঠাই থাকিলে সকলোৱে আহি বহি থাকিব পাৰে। তেতিয়াহে বাদচাহে নিজৰ ভুলটো উপলব্ধি কৰিব পাৰিছিল।