শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিশ্বৰ এই দেশকেইখনত নাই সেনা বাহিনী, প্ৰতিৰক্ষাৰ বাবেও নাই খৰচৰ চিন্তা! জানেনে আপুনি এই বিষয়ে

প্ৰতিৰক্ষাৰ বাবে দেশসমূহে বৃহৎ হাৰত খৰচ কৰাৰ বিপৰীতে কিন্তু এইক্ষেত্ৰত সম্পূৰ্ণ উদাসীন হৈ থাকে কেইখনমান দেশ। উদাসীন বুলি ক’লেও প্ৰকৃততে ভুল কোৱা হ’ব, কিয়নো এই দেশকেইখনৰ কোনো সেনা বা প্ৰতিৰক্ষা বাহিনীয়েই নাই।

বিশ্বৰ এই দেশকেইখনত নাই সেনা বাহিনী, প্ৰতিৰক্ষাৰ বাবেও নাই খৰচৰ চিন্তা! জানেনে আপুনি এই বিষয়ে
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 20 Oct 2025 17:17 PM

সাম্প্ৰতিক বিশ্বত প্ৰতিখন দেশেই নিজৰ সাৰ্বভৌমত্বৰ স্বাৰ্থত হৈ পৰিছে অতি সক্ৰিয়। সেয়ে সময়ৰ লগে লগে দেশসমূহৰ প্ৰতিৰক্ষা বাজেটো দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্বৰ প্ৰায়বোৰ দেশৰ প্ৰতিৰক্ষা বাজেট এতিয়া বৃহৎ হাৰত দ্ৰুতগতিৰে বৃদ্ধি পাইছে। যুদ্ধ প্ৰস্তুতি হিচাপে প্ৰতিৰক্ষাৰ বাবে সামৰিক প্ৰযুক্তিৰ উৎপাদন তথা ক্ৰয়ৰ ক্ষেত্ৰত প্ৰায় সকলো দেশেই মনোনিৱেশ কৰিছে। উদাহৰণস্বৰূপে, আমেৰিকাৰ প্ৰতিৰক্ষা বাজেট এইবাৰ ৯১৬ বিলিয়ন মাৰ্কিন ডলাৰ বা ৮৪ লাখ ৫৯ হাজাৰ কোটি টকা।

আমাৰ নিজা দেশ ভাৰতৰে এইবাৰৰ প্ৰতিৰক্ষা বাজেট ৬ লাখ ৮১ হাজাৰ কোটি টকা। প্ৰতিৰক্ষাৰ বাবে এইদৰে দেশসমূহে বৃহৎ হাৰত খৰচ কৰাৰ বিপৰীতে কিন্তু এইক্ষেত্ৰত সম্পূৰ্ণ উদাসীন হৈ থাকে কেইখনমান দেশ। উদাসীন বুলি ক’লেও প্ৰকৃততে ভুল কোৱা হ’ব, এই দেশকেইখনৰ কোনো সেনা বা প্ৰতিৰক্ষা বাহিনীয়েই নাই।

প্ৰতিৰক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ বিভাগ নৰখাৰেই সাহসী সিদ্ধান্ত লৈছে এই দেশকেইখনে। ইয়াৰ ভিতৰত কোষ্টা ৰিকা, আইচলেণ্ডৰ দৰে দেশো আছে। দক্ষিণ আমেৰিকাৰ দেশ কোষ্টা ৰিকাই ১৯৪৯ চনত প্ৰতিৰক্ষা বাহিনী নৰখাৰ সাহসী সিদ্ধান্ত লৈছিল। এই দেশৰ উত্তৰত নিকাৰাগুয়া আৰু দক্ষিণে পানামা। কোষ্টা ৰিকা আজি দক্ষিণ আমেৰিকাৰ আটাইতকৈ সুখী আৰু সুস্থিৰ দেশ।

আইচলেণ্ডৰ দৰে দেশতো সেনাবাহিনী নাই। এই দেশখন নিজৰ নিৰাপত্তাৰ বাবে নাটোৰ ওপৰত নিৰ্ভৰশীল। ভৌগোলিকভাৱে বিচ্ছিন্নতাৰ বাবে এই দেশত শক্তিশালী উপকূল ৰক্ষক আছে। ইউৰোপীয় দেশ লিচেনষ্টাইনতো কোনো সামৰিক বাহিনী নাই। ১৮৬৮ চনত তেওঁলোকে নিজৰ সামৰিক বাহিনী বিলুপ্ত কৰে। দেশখনত আৰক্ষী বাহিনী আছে যদিও চুইজাৰলেণ্ডে তেওঁলোকক সামৰিক সুৰক্ষা প্ৰদান কৰে।

বহু বছৰৰ সমস্যাৰ অন্তত পানামাই ১৯৯০ চনত নিজৰ সামৰিক বাহিনী ভংগ কৰে। এই দেশৰ নিৰাপত্তাৰ দায়িত্ব আমেৰিকাৰ ওপৰত। তদুপৰি বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাষ্ট্ৰ ভেটিকানৰ নিজা সেনাবাহিনী নাই। অৱশ্যে পোপৰ সুৰক্ষাৰ বাবে এটা বিশেষ গোট আছে। এই গোটক চুইছ গাৰ্ড বুলি কোৱা হয়। এই দেশখনৰ নিৰাপত্তাৰ দায়িত্ব ইটালীৰ হাতত।