গণহত্যাৰ গোচৰত মৃত্যুদণ্ড শ্বেখ হাছিনাক, বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খানকো মৃত্যুদণ্ডৰ ৰায়
বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায় ঘোষণা কৰিছে। গণহত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে হাছিনাক। জুলাই মাহৰ বিদ্ৰোহৰ সময়ত নিৰস্ত্ৰ সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনাৰ বাবে উচটনি দিয়াৰ অভিযোগ হাছিনাৰ বিৰুদ্ধে।
মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গেচৰত দোষী সাব্যস্ত কৰা হয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে হাছিনাৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰিছে। হাছিনাৰ লগতে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান আৰু বাংলাদেশ আৰক্ষীৰ প্ৰাক্তন আই জি চৌধুৰী আব্দুল্লা আল-মামুনকো এই অপৰাধত দোষী সাব্যস্ত কৰা হয়। তিনিওজনকে গণহত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰা হয়।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক তিনিটা গোচৰত দোষী সাব্যস্ত কৰা হয়। তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খানকো মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। অৱশ্যে ৰাজসাক্ষী হোৱা বাংলাদেশ আৰক্ষীৰ প্ৰাক্তন আই জি চৌধুৰী আব্দুল্লা আল-মামুনক পাঁচবছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হৈছে।
বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৰ মতে, ৰায়দানৰ সময়ত আদালতে বাংলাদেশত ভাইৰেল হোৱা হাছিনাৰ অডিঅ’ ৰেকৰ্ডিঙো প্ৰকাশ কৰে। এই অডিঅ’ত হাছিনাই আৰক্ষী অধীক্ষকক ৰাইজৰ ওপৰত গুলীচালনা কৰিবলৈ কোৱা শুনা যায়। ন্যায়ালয়ে ৰায়দানৰ সময়ত মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদনৰো উদ্ধৃতি দিয়ে।
হাছিনাৰ বিৰুদ্ধে ৪৫৮ পৃষ্ঠাৰ ৰায়
ন্যায়াধিকৰণে ৰায় দিয়ে যে জুলাই বিদ্ৰোহৰ সময়ত বহু সংখ্যক লোকৰ হোৱা মৃত্যুৰ বাবে শ্বেখ হাছিনা একমাত্ৰ দায়ী। আদালতে বিচাৰ বিভাগে দাখিল কৰা প্ৰমাণসমূহো দাঙি ধৰে। আইচিটিয়ে শ্বেখ হাছিনাৰ বিৰুদ্ধে ৪৫৮ পৃষ্ঠাৰ ৰায়দান কৰে।
ৰায়দানত উল্লেখ কৰা হৈছে যে ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা হাছিনাই একনায়কত্ববাদী হোৱাৰ দিশত আগবাঢ়িছিল। ২০২৪ চনৰ জানুৱাৰী মাহৰ নিৰ্বাচনত বিৰোধী দলক চেপি ধৰিছিল। ইয়াৰ পিছত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহিছিল, তেতিয়া হাছিনাই তেওঁলোকৰ ওপৰত গুলীচালনা কৰিবলৈ নিৰ্দেশ দিছিল।
এই গোচৰত হাছিনা কেনেকৈ জড়িত হৈ পৰিল?
বাংলাদেশ চৰকাৰে জুলাই মাহৰ গণহত্যাৰ গোচৰত বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান, প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল-মামুনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত যেতিয়া তিনিওজনৰ বিৰুদ্ধে বিচাৰ আৰম্ভ হ’ল, তেতিয়া আল-মামুনে ৰাজসাক্ষী হোৱাৰ সিদ্ধান্ত ল’লে। ইফালে হাছিনাই আৰক্ষী অধীক্ষকৰ সৈতে কথা পতাৰ এটা অডিঅ’ ৰেকৰ্ডিং পোহৰলৈ আহে। এই অডিঅ’ৰ সত্যতা নিশ্চিত হোৱাৰ লগে লগে হাছিনাৰ বিৰুদ্ধে বিচাৰ ক্ষিপ্ৰ কৰা হ’ল।