শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চৌদি আৰৱত ভয়ংকৰ দুৰ্ঘটনা, ওমৰাহৰ বাবে যোৱা ৪২ জন ভাৰতীয়ই হেৰুৱালে প্ৰাণ

এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় নাগৰিকসকলৰ ভিতৰত বহু মহিলা আৰু শিশুও আছে। নিহত এই লোকসকল হায়দৰাবাদ আৰু তেলেংগানাৰ বাসিন্দা আছিল। প্ৰকাশিত তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ২০ গৰাকী মহিলা আৰু ১১ টি শিশু আছিল।

চৌদি আৰৱত ভয়ংকৰ দুৰ্ঘটনা, ওমৰাহৰ বাবে যোৱা ৪২ জন ভাৰতীয়ই হেৰুৱালে প্ৰাণ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 17 Nov 2025 11:05 AM

চৌদি আৰৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ৪২ জন ভাৰতীয়ই শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে। এই ভাৰতীয় লোকসকল ওমৰাহ কৰিবলৈ চৌদি আৰৱলৈ গৈছিল বুলি জানিব পৰা গৈছে। আজি পুৱা মক্কাৰ পৰা মদিনা অভিমুখে গৈ থকাৰ সময়তে যাত্ৰাপথত দুৰ্ঘটনাত পতিত হয় ভাৰতীয় নাগৰিকসকলক কঢ়িয়াই নিয়া বাছখন। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি তেওঁলোকে যাত্ৰা কৰা বাছখনে মুফাৰীহাটৰ এখন ডিজেল টেংকাৰৰ সৈতে খুন্দা মাৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় নাগৰিকসকলৰ ভিতৰত বহু মহিলা আৰু শিশুও আছে। নিহত এই লোকসকল হায়দৰাবাদ আৰু তেলেংগানাৰ বাসিন্দা আছিল। প্ৰকাশিত তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ২০ গৰাকী মহিলা আৰু ১১ টি শিশু আছিল।

মক্কাৰ পৰা মদিনালৈ যোৱাৰ পথত দুৰ্ঘটনা

হজযাত্ৰীসকলে ওমৰাহ কৰিবলৈ এই যাত্ৰা কৰিছিল। মক্কাত নিজৰ ধৰ্মীয় ৰীতি-নীতি সম্পূৰ্ণ কৰাৰ পিছত মদীনালৈ গৈ থকা অৱস্থাত এই সংহাৰী দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত বহু যাত্ৰী বাছখনত শুই আছিল। স্থানীয় সূত্ৰই দুৰ্ঘটনাত নিহতৰ সংখ্যা ৪২ জন বুলি নিশ্চিত কৰিছে। সম্প্ৰতি জৰুৰীকালীন সেৱাই ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই আছে।

দুখ প্ৰকাশ ওৱেইচিৰ

চৌদি আৰৱত সংঘটিত হোৱা এই বাছ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচিয়ে। এই সন্দৰ্ভত চৌদিৰ ৰিয়াদত থকা ভাৰতীয় দূতাবাসৰ উপ-মুখ্য মিছনেৰী আবু মাথেন জৰ্জৰ সৈতে বাৰ্তালাপ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। বিষয়াগৰাকীয়ে এই সন্দৰ্ভত তথ্য সংগ্ৰহৰ আশ্বাস দিয়া বুলি ওৱেইচিয়ে লগতে কয়।

 

ইফালে হায়দৰাবাদৰ দুটা ট্ৰেভেল এজেঞ্চীৰ সৈতে যোগাযোগ কৰি যাত্ৰীসকলৰ সবিশেষ ৰিয়াদ দূতাবাস আৰু বৈদেশিক সচিবক প্ৰদান কৰা বুলিও তেওঁ জানিবলৈ দিয়ে। ওৱেইচিয়ে লগতে নিহত লোকসকল মৃতদেহ ভাৰতলৈ অনাৰ সমান্তৰালকৈ আহতসকলক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰক অনুৰোধ জনায়।