গ্ৰেপ্তাৰ পাকিস্তানৰ সেনা প্ৰধান! যুদ্ধৰ মাজতো পাকিস্তানী সেনাত চলিছে নেকি বিদ্ৰোহ?
যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতো পাকিস্তানৰ এক চাঞ্চল্যকৰ সিদ্ধান্তৰ খবৰ পোহৰলৈ আহিছে। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আছিফ মুনিৰক অপসাৰণ কৰা হৈছে। কেৱল সিমানেই নহয়. তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলিও চৰ্চা চলিছে।

বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজত অত্যন্ত ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি। সন্ধিয়াৰ ভাগতে সীমান্তৰ কেইবাটাও স্থানত আক্ৰমণৰ চেষ্টা চলায় পাকিস্তানে। দেশৰ তিনিখন সীমান্ত জিলাত আক্ৰমণ চলোৱাৰ চেষ্টা কৰে পাকিস্তানে। অৱশ্যে পাকিস্তানৰ এই প্ৰচেষ্টা বিফল কৰি ভাৰতীয় সেনাই ইটোৰ পিছত সিটোকৈ ক্ষেপণাস্ত্ৰ ধ্বংস কৰে। ইফালে পাকিস্তানৰ এই আক্ৰমণৰ পিছতে ভাৰতেও প্ৰত্যাক্ৰমণ চলাই দেশখনৰ কেইবাটাও স্থানত আঘাত হানে।
এনে পৰিস্থিতিত পাকিস্তানৰ অৱস্থা প্ৰায় শোচনীয় হৈ পৰিছে। পিছে এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতো পাকিস্তানৰ এক চাঞ্চল্যকৰ সিদ্ধান্তৰ খবৰ পোহৰলৈ আহিছে। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আছিফ মুনিৰক অপসাৰণ কৰা হৈছে। কেৱল সিমানেই নহয়. তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলিও চৰ্চা চলিছে।
পাকিস্তান সেনাৰ ভিতৰতে স্বয়ং সেনা প্ৰধান আছিফ মুনিৰৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছে বুলি দাবী কৰা হৈছে। সংবাদ মাধ্যমৰ ডি এন এত প্ৰকাশিত খবৰ অনুসৰি ইতিমধ্যে মুনিৰক জিম্মাত লৈ গোপন স্থানলৈ লৈ যোৱা হৈছে। তেওঁক সামৰিক আদালতৰ সন্মুখলৈও অনা হ’ব পাৰে বুলি প্ৰকাশ পাইছে। মুনিৰে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে দেশক ধ্বংসৰ দিশে লৈ গৈছে বুলি অভিযোগ উত্থাপন হৈছে।
তেওঁৰ স্থানত ছামছাদ মিৰ্জাক পাকিস্তান সেনাৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হ’ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইফালে, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ব বুলিও সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে পাকিস্তানৰ ৰাজপথত ইমৰান খানৰ সমৰ্থকৰ ৰেলীৰ দৃশ্যও ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে আছিফ মুনিৰ এসময়ত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সঞ্চালক আছিল। কেডেট হিচাপে তেওঁক অফিচাৰ্ছ ট্ৰেইনিং স্কুলৰ সন্মান প্ৰদান কৰা হয়। পৰম্পৰাগত শিক্ষাৰ বাদেও ধৰ্মীয় শিক্ষা আছিল বাবে তেওঁ অগ্ৰাধিকাৰ লাভ কৰিছিল। ৰাৱালপিণ্ডিৰ ইছলামিক চেমিনাৰীত অধ্যয়ন কৰিছিল মুনিৰে।