ভাৰত আৰু চীনক এনেদৰে ক’ব নোৱাৰে…নাম নোলোৱাকৈ ট্ৰাম্পক সকীয়নি পুটিনৰ, ক’লে-
সাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ পিছত সাংবাদিকৰ আগত আমেৰিকা চৰকাৰে এছিয়াৰ দুখন বৃহৎ শক্তিৰ ওপৰত অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। ভাৰত আৰু চীনক নিজৰ 'সংগী' বুলি উল্লেখ কৰি পুটিনে কয়, "আমেৰিকাৰ শুল্ক নীতি এই দেশসমূহৰ নেতৃত্বক দুৰ্বল কৰাৰ প্ৰয়াস।"

ভাৰত-আমেৰিকাৰ সম্পৰ্ক সন্দৰ্ভত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। তেওঁ কয়, “ৱাশ্বিংটনে শুল্ক আৰু নিষেধাজ্ঞা আৰোপ কৰাৰ ভাবুকি দি ভাৰত আৰু চীনক এনেদৰে ভয় খুৱাব নোৱাৰে।” ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শক্তিশালী বাৰ্তা, “আপুনি ভাৰত বা চীনৰ সৈতে এনেদৰে কথা পাতিব নোৱাৰে।”
সাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ পিছত সাংবাদিকৰ আগত আমেৰিকা চৰকাৰে এছিয়াৰ দুখন বৃহৎ শক্তিৰ ওপৰত অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। ভাৰত আৰু চীনক নিজৰ ‘সংগী’ বুলি উল্লেখ কৰি পুটিনে কয়, “আমেৰিকাৰ শুল্ক নীতি এই দেশসমূহৰ নেতৃত্বক দুৰ্বল কৰাৰ প্ৰয়াস। ভাৰত আৰু চীন ১.৫ বিলিয়ন জনসংখ্যাৰ দেশ, তেওঁলোকৰ অৰ্থনীতি শক্তিশালী, আৰু তেওঁলোকৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থা আৰু নিয়মো আছে। কোনোবাই যেতিয়া কয় যে তেওঁলোকে শাস্তি দিব, তেতিয়া আপুনি ভাবিব লাগিব যে, এই বৃহৎ দেশসমূহৰ নেতৃত্বই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব?”
ভাৰতৰ ঔপনিৱেশিকতাৰ ইতিহাসৰ উদ্ধৃতি দি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “তেওঁলোকৰ ইতিহাসতো কঠিন সময় আছিল, ঔপনিৱেশিকতাবাদ, তেওঁলোকৰ সাৰ্বভৌমত্বৰ ওপৰত দীৰ্ঘদিন ধৰি কৰ আৰোপ কৰা হৈছে। যদি এজন ব্যক্তিয়েও দুৰ্বলতা দেখুৱায়, তেন্তে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব। গতিকে তেওঁলোকৰ আচৰণতো সেই প্ৰভাৱ পৰে।”
আমেৰিকাক ঔপনিৱেশিক যুগ শেষ হোৱা বুলি সোঁৱৰাই দি পুটিনে কয় যে, “ঔপনিৱেশিক যুগ শেষ হৈছে। আপুনি বুজি পাব যে আপুনি এনেদৰে অংশীদাৰৰ সৈতে কথা পাতিব নোৱাৰে। জাপি দিয়াৰ ৰাজনীতি, হেঁচাৰ কৌশল এতিয়া আৰু কামত নাহে।”
প্ৰসংগক্ৰমে শেহতীয়াকৈ ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগীয়ে বাৰে বাৰে ভাৰত বিৰোধী বক্তব্য আগবঢ়াই আহিছে। কিছুদিন পূৰ্বে নাভাৰোৱে কৈছিল, “মোদী, চীন আৰু ৰাছিয়া একেলগে আছে ।” আজি পুটিনৰ বক্তব্যই স্পষ্ট কৰি দিছে যে ৰাছিয়াই ট্ৰাম্পৰ নিষেধাজ্ঞা আৰু অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ভাবুকিক আওকাণ কৰি তেওঁ ভাৰতৰ কাষত থিয় দিছে।