কাৰ্যভাৰ গ্ৰহণ কৰাৰ এবছৰৰ পাছতে জাপানৰ প্ৰধানমন্ত্ৰীৰ শ্বিগেৰু ইছিবাৰ পদত্যাগ…
দেওবাৰে জাপানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে শ্বিগেৰু ইছিবাই। ইছিবাই প্ৰধানমন্ত্ৰী হোৱাৰ এবছৰৰ পাছতেই পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। ইছিবাই প্ৰধানমন্ত্ৰী হোৱাৰ এবছৰৰ পাছতেই পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (LDP) পৰাজয়ৰ সন্মুখীন হৈছিল। তেতিয়াৰ পৰাই তেওঁৰ পদত্যাগৰ দাবী বাঢ়িবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছতে দেওবাৰে পদত্যাগ কৰে ইছিবাই।
ইছিবা যোৱা বছৰৰ অক্টোবৰ মাহত জাপানৰ প্ৰধানমন্ত্ৰী হৈছিল। বিগত এমাহ ধৰি তেওঁ নিজৰ দলৰ ভিতৰতে সোঁপন্থী বিৰোধীৰ দাবীৰ বিৰোধিতা কৰি আহিছে। জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত ইছিবাৰ শাসকীয় মিত্ৰজোঁটে ২৪৮খন আসনৰ উচ্চ সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে।
সোমবাৰে লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে নেতৃত্বৰ নিৰ্বাচন অনুষ্ঠিত কৰিব। এই বিষয়ত সিদ্ধান্ত লোৱাৰ এদিন পূর্বে পদত্যাগৰ খবৰ প্ৰকাশ পাইছে৷ ইছিবাৰ পদত্যাগৰ পিছত এল ডি পিয়ে নেতা নিৰ্বাচন নকৰালৈকে জাপানত ৰাজনৈতিক অনিশ্চয়তা সৃষ্টি হ’ব পাৰে। বহু এল ডি পি সাংসদে নিজকে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে দলৰ যিকোনো এজন সাংসদক প্ৰাৰ্থীত্বৰ বাবে আন কমেও ২০ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ’ব।
দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী হ’বলৈ প্ৰাৰ্থীগৰাকীয়ে সংসদীয় ভোট লাভ কৰিব লাগিব। যদিও এল ডি পি নেতৃত্বাধীন মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে, তথাপিও নিম্ন সদনত আসনৰ সংখ্যা সৰ্বাধিক, যাৰ ফলত ইয়াৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছে যদিও নিশ্চিত নহয়।
পৰৱৰ্তী এলডিপি নেতাৰ অগ্ৰাধিকাৰ হ’ব শাসকীয় মিত্ৰজোঁটৰ সমৰ্থন নিশ্চিত কৰা। ২০২৪ চনৰ অক্টোবৰ মাহত যেতিয়া ইছিবাই কাৰ্যভাৰ গ্ৰহণ কৰিছিল, তেতিয়াও দলটোৰ সংখ্যাগৰিষ্ঠতা নাছিল। সেয়ে ১৯৫৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলগীয়া হৈছিল।