শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইউক্ৰেইনৰ ১৯% ভূ-খণ্ড ৰাছিয়াৰ দখলত! পুটিন-ট্ৰাম্প বৈঠকৰ পৰিণাম ভুগিব লাগিব নেকি জেলেনস্কীয়ে…

শীঘ্ৰেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মাজত বৈঠক অনুষ্ঠিত হ'ব। ৰাছিয়া-ইউক্ৰেইনৰ চলি থকা যুদ্ধৰ মাজত এই বৈঠকে গুৰুত্ব বহন কৰিছে।

ইউক্ৰেইনৰ ১৯% ভূ-খণ্ড ৰাছিয়াৰ দখলত! পুটিন-ট্ৰাম্প বৈঠকৰ পৰিণাম ভুগিব লাগিব নেকি জেলেনস্কীয়ে…
পুটিন-জেলেনস্কী-ট্ৰাম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 13 Aug 2025 17:44 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত আলাস্কাত হ’বলগীয়া বৈঠক বিশেষ গুৰুত্বপূৰ্ণ। কিন্তু ইয়াৰ পৰা বেছি আশা কৰা ভুল। কিয়নো পুটিনৰ চৰ্ত মানি ল’লেহে এই বৈঠকে শান্তি লৈ আনিব বুলি আশা কৰিব পাৰি। পুটিনে ইউক্ৰেইনৰ কেইবাটাও অংশ ৰাছিয়াত অন্তৰ্ভুক্ত কৰাৰ চৰ্ত ৰাখিছে। ট্ৰাম্পে যথেষ্ঠ পৰিমাণে ইয়াৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে যদিও স্পষ্টকৈ কৈছে যে ইউক্ৰেইন আৰু ৰাছিয়াই নিজৰ ভূখণ্ড এৰিব লাগিব। কিন্তু এয়া কেনেকৈ সম্ভৱ তাৰ উত্তৰ তেওঁৰ হাতত নাই। কাৰণ জেলেনস্কিৰ হাতত ৰাছিয়াৰ ভূখণ্ড নাই। এনে পৰিপ্ৰেক্ষিতত ইউক্ৰেইনে ডাঙৰ ভূখণ্ড হেৰুৱাব পাৰে।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ শেহতীয়া মানচিত্ৰ অনুসৰি এই পৰ্যন্ত ৰাছিয়াই ইউক্ৰেইনৰ প্ৰায় ১ লাখ ১৪ হাজাৰ ৫০০ বৰ্গ কিলোমিটাৰ দখল কৰিছে। ই ইউক্ৰেইনৰ মুঠ অঞ্চলৰ ১৯ শতাংশ। ইয়াৰ ভিতৰত ক্ৰিমিয়াও আছে। ইয়াৰ বিপৰীতে ৰাছিয়াৰ কোনো অঞ্চলত ইউক্ৰেইনৰ নিয়ন্ত্ৰণ নাই। ৰাছিয়াই দাবী জনাইছে যে, যুদ্ধত বৰ্তমান যি স্থিতি আছে তেনেকৈ থাকিব লাগে। এক কথাত ৰাছিয়াই ইউক্ৰেইনৰ বিশাল অংশ নিজৰ অধীনত ৰখাৰ দাবী জনাইছে। ৰাছিয়াই দাবী কৰিছে যে, ক্ৰিমিয়া, ডনেস্ক, লুহানস্ক, জাপৰিজ্জিয়া আৰু খেৰচনক ইউক্ৰেইনৰ অংশ বুলি গণ্য কৰা হৈছিল যদিও এইবোৰ ৰাছিয়াৰ অংশ।

তথ্য অনুসৰি, ইউক্ৰেইনৰ খাৰকিভ, ছুমি, মাইকোলাইভ, ড্ৰিপ’পেট্ৰ’ভস্ক আৰু চেভাষ্টোপলও ৰাছিয়াই দখল কৰিছে। ইয়াৰে কিছুমান অঞ্চলত ৰাছিয়াৰ সেনাই ৪০০ বৰ্গ কিলোমিটাৰ পৰ্যন্ত দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ট্ৰাম্পৰ সৈতে পুটিনে যুদ্ধৰ ওপৰত আলোচনা কৰিবলৈ সাজু হৈছে। কিন্তু তেওঁ বৃহৎ আঞ্চলিক চুক্তি স্বাক্ষৰ কৰাৰ পক্ষত নহয়।  পুটিনে যুদ্ধ শেষ কৰিব বিচাৰিছে, কিন্তু তেওঁৰ হাতত থকা ইউক্ৰেইনৰ অংশ এৰি দিব বিচৰা নাই।

ৰাছিয়াই কয় যে, ইউক্ৰেইনৰ আক্ৰমণৰ পৰা কুৰ্স্ক অঞ্চলক ৰক্ষা কৰিবলৈ ছুমিত বাফাৰ জ’ন সৃষ্টি কৰিছে। ইয়াৰোপৰি ৰাছিয়াই ক্ৰিমিয়া ৰিপাব্লিক, চেভাষ্টোপল, লুহানস্ক পিপলছ ৰিপাব্লিক, ডনেস্ক পিপলছ ৰিপাব্লিক আৰু জাপ’ৰিজিয়া আৰু খেৰচন অঞ্চল ৰাছিয়ান ফেডাৰেচনৰ অংশ বুলি দাবী কৰি আহিছে। কিন্তু ইউক্ৰেইন বা আন দেশে ইয়াক ৰাছিয়াৰ অংশ বুলি বিশ্বাস নকৰে। ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনত এই সংলগ্নকৰণক অবৈধ ঘোষণা কৰিছিল আৰু ক্ৰিমিয়াক ইউক্ৰেইনৰ অংশ বুলি গণ্য কৰিছিল।

গতিকে ট্ৰাম্পৰ লগত হ’বলগীয়া এই বৈঠক কিমান ফলপ্ৰসূ হয় সেয়া সময়ে ক’ব। কিয়নো পুটিনে যে নিজৰ চৰ্ত এৰি দিব তাত সন্দেহ আছে। ইয়াৰোপৰি ইউক্ৰেইনেও নিজৰ ভুখণ্ড এৰি দিয়াত সম্ভৱতঃ ৰাজি নহয়। গতিকে এই বৈঠকে শান্তু লৈ আনে নে ইয়াৰ পাছতো দুই দেশৰ মাজত যুদ্ধ অব্যাহত থাকে সেয়া সময়ে ক’ব।

 

অন্য খবৰ পঢ়কঃ সম্পৰ্ক আছে ১৫ আগষ্ট আৰু বাংলাদেশৰ মাজত! কি হৈছিল সেইদিনা, কিয় চকুৰ পানী ওলাইছিল ইন্দিৰা গান্ধীৰ…