শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
International Trade: আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেনত বৃহৎ পদক্ষেপ ভাৰতৰ

International Trade: আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেনত বৃহৎ পদক্ষেপ ভাৰতৰ

manas-borah
Manas Borah | Published: 12 Aug 2025 20:59 PM

ভাৰতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেনত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি, ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক বিদেশী বেংকৰ বাবে বিশেষ টকাৰ ভষ্ট্ৰো একাউণ্ট (SRVA) খোলাৰ অনুমতি প্ৰদান কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক আৰোপ পাছতে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে, ভাৰতে কেতিয়াও আমেৰিকাৰ এই ‘দাদাগিৰী’ সহ্য নকৰে। সেই অনুসৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেনত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ভাৰতীয় মুদ্ৰাৰ লেনদেন বৃদ্ধিৰ স্বাৰ্থত ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক বিদেশী বেংকৰ বাবে বিশেষ টকাৰ ভষ্ট্ৰো একাউণ্ট (SRVA) খোলাৰ অনুমতি প্ৰদান কৰিছে। সেই অনুসৰি, ভাৰতৰ কেন্দ্ৰীয় বেংকে কয় যে,ইয়াৰ বাবে RBI ৰ পৰা পূৰ্বৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ভাৰতীয় মুদ্ৰাৰ লেনদেন বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে আশা কৰিছে