ৰতন টাটা জীয়াই থকাহেঁতেন… আমেৰিকাৰ অধিবক্তাৰ আক্ষেপ, কিয় ক’লে এইদৰে?
অধিবক্তাজনে কয়, “আমি এনে এটা পৰিয়ালক লগ পাইছিলো, য’ত পুত্ৰৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল বৃদ্ধা মাতৃগৰাকী বিচনাত পৰি আছে ।ইফালে পুত্ৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে। কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধন পোৱা নাই। এতিয়া কি কৰিব?”
টাটা গ্ৰুপে ক্ৰমান্বয়ে অনুভৱ কৰিছে নেকি ৰতন টাটাৰ অভাৱ? আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত বিপদত পৰিছে টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়া । যাত্ৰীৰ সুৰক্ষাৰ উপৰিও দুৰ্ঘটনাত মৃত্যু হোৱা যাত্ৰীসকলৰ পৰিয়ালৰ সমালোচনাৰ সন্মুখীন হৈছে টাটা গ্ৰুপ। “ৰতন টাটা যদি জীয়াই থাকিলহেঁতেন, ভুক্তভোগীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত হয়তো ইমান পলম নহ’লহেঁতেন”- এই মন্তব্য এগৰাকী অধিবক্তাৰ।
১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু মিনিটৰ ভিতৰতে এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনত থকা এজন যাত্ৰীৰ বাহিৰে আন সকলো যাত্ৰী, ক্ৰু মেম্বাৰসহ ২গৰাকী পাইলটৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে টাটা গ্ৰুপে এক কোটি টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ২৬ জুলাইত এয়াৰ ইণ্ডিয়াই ১৪৭টা পৰিয়ালক অন্তৱৰ্তীকালীন সাহায্য হিচাপে ২৫ লাখ টকা আগবঢ়াইছিল। অৱশ্যে মৃত যাত্ৰীসকলৰ পৰিয়ালে এতিয়াও বাকী থকা ক্ষতিপূৰণ লাভ কৰা নাই।