শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সঞ্জয় দত্ত আৰু আমিৰ খানৰ লগত প্ৰীতিৰ গোপন বিয়া! সত্য কি?

সঞ্জয় দত্ত আৰু আমিৰ খানৰ লগত প্ৰীতিৰ গোপন বিয়া! সত্য কি?

barasha-sarma
Barasha Sarma | Published: 12 Aug 2025 21:24 PM

বলীউডৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে। এবাৰ খবৰ পোহৰলৈ আহিছিল যে প্ৰীতি জিন্টাই গোপনে বিয়া পাতিছে আমিৰ খান আৰু সঞ্জয় দত্তৰ সৈতে। পিছে সত্য কি জানেনে?

বলীউডৰ পৰা বিভিন্ন সময়ত বিভিন্ন খবৰ পোহৰলৈ আহে। ইয়াৰে কিছুমান খবৰ সত্য আৰু কিছুমান উৰা বাতৰি হয়। এনে ধৰণৰ খবৰৰ পৰা সাৰি যোৱা নাছিল এসময়ত জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিন্টা। অৱশ্যে প্ৰীতি জিন্টাৰ জনপ্ৰিয়তা আজিও বৰ বিশেষ কম হোৱা নাই। তেওঁ বলীউডলৈ কেইবাখনো ভাল ছবি উপহাৰ দিছে।

প্ৰীতিৰ সৌন্দৰ্যই বহু পুৰুষৰ মন কাঢ়িবলৈ সক্ষম হৈছিল। পিছে তেওঁ বিয়া হৈছিল এজন বিদেশী যুৱকৰ সৈতে। বৰ্তমান তেওঁ বিদেশী স্বামী মিষ্টাৰ গুডেনাফৰ সৈতে সুন্দৰ জীৱন যাপন কৰি আছে। কিন্তু আপুনি জানেনে যে এবাৰ খবৰ প্ৰকাশ পাইছিল যে প্ৰীতিয়ে আমিৰ খান আৰু সঞ্জয় দত্তৰ সৈতে গোপনে বিবাহ পাশত আৱদ্ধ হৈছে। এয়া আছিল ২০০১ চনৰ কথা।

ইয়াৰ ওপৰত অভিনেত্ৰীগৰাকীয়ে নিজেই মত প্ৰকাশ কৰিছে। তেওঁ কয় যে, ‘দিল ছাহতা হে’ ছবিখনত তেওঁৰ সৈতে আমিৰ খানে কাম কৰিছিল। দুয়োৰে যুঁটিক বহুতে প্ৰশংসা কৰিছিল। ইয়াৰ মাজতে একাংশ আলোচনীত প্ৰকাশ পাইছিল যে প্ৰীতি আৰু আমিৰ খানৰ গোপন বিয়া হৈছে।