শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
চুম্বনৰ সময়ত অভিনেত্ৰীৰ মুখৰ গোন্ধই বিপদত পেলাই ইমৰাণ হাছমীক!

চুম্বনৰ সময়ত অভিনেত্ৰীৰ মুখৰ গোন্ধই বিপদত পেলাই ইমৰাণ হাছমীক!

Barasha Misra
Barasha Misra | Published: 12 Aug 2025 22:54 PM

টকাৰ বাবে মানুহে কি কৰিব নোৱাৰে? বৰ্তমান সময়ত টকাই যেন সকলো! এজন তাৰকাই কি পৰ্যায়লৈ গৈ নিজকে গঢ়িব পাৰে তাৰ উদাহৰণ বলীউডৰ জগতত আছে। সেই তালিকাৰ পৰা অভিনেতা ইমৰাণ হাছমীও বাদ পৰা নাই। বলীউড জগতত প্ৰতিটো খোজতে নিজৰ অভিনয় শৈলী আৰু উষ্ণ আবেদনেৰে সকলোৰে হৃদয় জয় কৰিছে। কিন্তু এনেধৰণৰ আবেদনময় চৰিত্ৰ কৰিলে অভিনেতাজনৰ অভিনেত্ৰীসকলৰ সৈতে সমস্যা হয় নেকি?

এবাৰ বৰ ডাঙৰ বিপদত পৰে ইমৰাণ! ইমৰাণ হাছমীৰ ছবি বুলি ক’লে বহুতে চুম্বনৰ দৃশ্যৰ কথাহে মনত কৰে। তেওঁ বিভিন্ন ছবিত বিভিন্ন অভিনেত্ৰীক চুম্বন কৰা দেখা গৈছে। তাৰে কিছুমান তেওঁৰ সুন্দৰ স্মৃতি, আৰু কিছুমান বেয়া স্মৃতি আছে। ইমৰাণৰ স্মৃতিত মল্লিকা আছিল শ্ৰেষ্ঠ চুম্বন কৰা সংগী। ভিগে হোঠ তেৰে… এই গীতটি এতিয়াও সকলোৰে মনত সজীৱ হৈ আছে।

কিন্তু এবাৰ বৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হয় অভিনেতাজন। এফাল শ্বুটিং আনফালে অভিনেত্ৰীগৰাকীৰ মুখত প্ৰচণ্ড গোন্ধ। কিন্তু কোনো উপায় নাই! ইমৰানে সেইদিনা সেই গোন্ধ সহ্য কৰি চুম্বন কৰিছিল। অৱশ্যে সেই অভিনেত্ৰীগৰাকীৰ নাম কেতিয়াও ৰাজহুৱাকৈ ওলাবলৈ নিদিলে তেওঁ। সেই নামটো ইমৰাণে সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট নকৰিলে। সকলো এতিয়াও গোপন।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…