কৃষ্ণ হ'ব সন্তুষ্ট, কৰক এই কাম...

13 AUG 2025

TV9 ASSAM

এইবাৰ জন্মাষ্টমী ১৬ আগষ্টত পালন কৰা হ'ব। হিন্দু পঞ্জিকা অনুসৰি, প্ৰতিবছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়।

জন্মাষ্টমী

জ্যোতিষ শাস্ত্ৰৰ মতে এইবাৰ জন্মাষ্টমী বহু বিশেষ।  কিয়নো এইবাৰ সৰ্বাৰ্থসিদ্ধি যোগ আৰু অমৃতসিদ্ধি যোগ নিৰ্মাণ হ'ব। ইয়ে ব্যক্তিৰ জীৱনত ভাল প্ৰভাৱ পেলাব।

জ্যেতিষ শাস্ত্ৰ

বাস্তু শাস্ত্ৰ অনুসৰি জন্মাষ্টমীত ঘৰলৈ কিছুমান সামগ্ৰী অনা অত্যন্ত শুভ। এই সাগগ্ৰীবোৰ আনিলে মানুহৰ সুখ-শান্তি আৰু সমৃদ্ধি হয়।

বাস্তু শাস্ত্ৰ

জন্মাষ্টমীত ঘৰলৈ বাঁহী অনা অত্যন্ত শুভ। কিয়নো কৃষ্ণৰ প্ৰিয় বাঁহী। ই ঘৰত সুখ-শান্তি আৰু সমৃদ্ধি আনে। যি ঘৰত বাঁহী থাকে তেনে ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। লগতে বৈবাহিক জীৱন সুখকৰ হয়।

বাঁহী

জন্মাষ্টমীৰ দিনা পিতল বা ৰূপৰ গাই ঘৰলৈ আনিব লাগে। ইয়াৰ ফলত চাকৰি আৰু ব্যৱসায়ত উন্নতি লাভ হয়। এই গাই ঘৰলৈ অনাৰ পাছত পূজা কৰি ৰাখিব লাগে।

গাই

ঘৰত ভগৱান কৃষ্ণৰ মূৰ্তি বা ছবি ৰখা বহুত শুভ বুলি কোৱা হয়। মাটি বা পিতলেৰে নিৰ্মিত মূৰ্তি আটাইতকৈ শুভ বুলি কোৱা হয়। গতিকে এই দিনটো কৃষ্ণৰ মূৰ্তি ঘৰলৈ আনিব পাৰে।

মূৰ্তি

এই দিনটোত ঘৰলৈ ময়ুৰৰ পাখি অনা শুভ বুলি কোৱা হয়। কোৱা হয়, ময়ুৰৰ পাখি আনিলে ঘৰৰ সদস্যৰ মাজত প্ৰেম তথা মৰম বাঢ়ে। লগতে কাজিয়া দূৰ হয়। ই ঘৰৰ সুখ-শান্তি বৃদ্ধি কৰে।

ময়ুৰ পাখি

পঢ়িবলৈ ক্লিক কৰক 

যকৃতৰ বাবে বেয়া এই খাদ্য