শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News: হেমন্ত দত্তৰ বিয়োগৰ পৰা অসীম মুনিৰক ভাৰতৰ প্ৰত্যুত্তৰলৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: হেমন্ত দত্তৰ বিয়োগৰ পৰা অসীম মুনিৰক ভাৰতৰ প্ৰত্যুত্তৰলৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 11 Aug 2025 22:43 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ ৰাজনীতিৰ পৰা সাংস্কৃতিক ক্ষেত্ৰলৈকে পলকতে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰ।

আছুৱে যিমানেই প্ৰতিবাদ কৰিব, সিমানেই উচ্ছেদ অভিযান চলোৱা হ’ব। চিৰাঙত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত তেওঁ কয় যে, আছুৱে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এটা গোচৰ দাখিল কৰিছে। এইটো এতিয়া আইনী বিষয়, ইয়াত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব নোৱাৰে।

ভোট চুৰি সন্দৰ্ভত স্পষ্ট উত্তৰ দিয়ক নিৰ্বাচন আয়োগে। তেওঁলোকে অভিযোগ শুনে কিন্তু স্পষ্ট উত্তৰ নিদিয়ে। আয়োগে বৰ্তমান ৰাজনৈতিক দলৰ হৈ কথা কোৱাতকৈ ৰাইজক সত্যটো জনোৱা উচিত। বিৰোধীৰ প্ৰতিবাদী সমদলৰ মাজতে এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে।

গঁড় চিকাৰৰ বিৰুদ্ধে চলোৱা অভিযানত অসমত গ্ৰেপ্তাৰ ৪০ গৰাকী লোকক। অপাৰেচন ফেলকনৰ অধীনত গ্ৰেপ্তাৰ কৰা এই লোকসকলৰ অধিকাংশৰে আন্তঃৰাষ্ট্ৰী চোৰাং ব্যৱসায় চক্ৰৰ সৈতে লিংক আছে। গঁড় হত্যা ৰোধৰ বাবে যোৱা বছৰ আৰম্ভ কৰা হৈছিল এই অভিযান। অপাৰেচন ফেলকনে চোৰাং ব্যৱসায়ীৰ কঁকাল ভাঙি দিয়া বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰসমূহ…