কৰ্কট চিকিৎসাৰ মাচুল বৃদ্ধিৰ পৰা ভাৰত-আমেৰিকা সম্পৰ্কলৈ, দিনটোৰ খবৰ…
কৰ্কট হাস্পাতালৰ মাচুল বৃদ্ধিৰ পৰা ভাৰত-আমেৰিকাৰ সম্পৰ্কলৈ। আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন ঘটনা পৰিঘটনা সংঘটিত হয়।

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
১. গুৱাহাটীস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত বৃদ্ধি পালে চিকিৎসা সেৱাৰ মাচুল। প্ৰতিষ্ঠানখনে শেহতীয়াকৈ ৰোগীৰ জেনেৰেল বেডৰ মাছুল ২০০ৰ পৰা ১৫০০ টকালৈ বৃদ্ধি কৰিছে। একেদৰে পঞ্জীয়ন মাছুল ১০০ টকাৰ পৰা ৩৬০ টকালৈ, চিংগল কেবিনৰ মাছুল ৩০০০ টকাৰ পৰা ৪৫০০ টকালৈ, চেয়াৰিং কেবিনৰ মাছুল ২ হাজাৰ টকাৰ পৰা ৩ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ লগতে ICUৰ মাছুল ১৫০০ টকাৰ পৰা ৪ হাজাৰ টকালৈ বৃদ্ধি কৰিছে।
২. ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোকৰাঝাৰত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে এই মাচুল ৰাইজে দিব নালাগে। এই ক্ষেত্ৰত এক ভুল বুজাবুজি হৈছে। আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডৰ পৰা লোৱা হ’ব এই মাচুল। এই টকা দিল্লীয়ে দিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে।
৩. বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিআৰত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কোকৰাঝাৰত জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। অসম চৰকাৰে ট্ৰাইবেল বেল্ট আৰু ব্লক ভঙাৰ কথা সপোনতো ভবা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি দল জনজাতী বিৰোধী নহয়। ৬০০ খন গাঁও সামৰি ক্ষুদ্ৰ ট্ৰাইবেল বেল্ট আৰু ব্লক স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।
৪. শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ দুগৰাকী সদস্যই। বুধবাৰে পুৱা কামৰূপ ক্ষেত্ৰীত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু তেওঁৰ পত্নী অৰ্চনা শৰ্মাই। ইফালে গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ একমাত্ৰ কন্যা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে বাহনখনে। ফলত থিতাতে নিহত হয় শৰ্মা দম্পতী।
৫. নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ কৃ্ত্ৰিম বানৰ উদ্ভৱ হৈছে গুৱাহাটী মহানগৰীৰ বহু ঠাইত। চান্দমাৰি, মালিগাঁও, অনিল নগৰ, নবীন নগৰ, কাহিলীপাৰা, ৰুক্মিণীগাঁও, হাতীগাঁৱকে ধৰি ভিন্নস্থানত কৃত্ৰিম বানৰ বাবে দুৰ্দশা ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মস্থলীলৈ ওলাই যোৱা লোকসকলে। ইফালে নৱগ্ৰহ শ্মশানৰ গাতে লাগি থকা এজোপা প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত এখন চাৰিচকীয়া বাহন ধ্বংস হয়।
৬. NCERT ৰ সংশোধিত অষ্টম শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিত আহোম সাম্ৰাজ্যৰ সন্দৰ্ভত বিকৃত তথ্য প্ৰকাশৰ অভিযোগ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাট লোকভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। ইয়াক “উল্লেখযোগ্য ঐতিহাসিক অশুদ্ধতা” বুলি অভিহিত কৰি গগৈয়ে অতিশীঘ্ৰেই এই তথ্যৰ শুধৰণি কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰক।
৭. বুধবাৰে কংগ্ৰেছে ভোট চুৰিৰ অভিযোগৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান, কেনেকৈ ভুৱা ভোট দিয়া হৈছে তাক চিত্ৰিত কৰি দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই জনতাক ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহক “বিজেপিৰ কবল”ৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়েও ভিডিঅ’টো শ্বেয়াৰ কৰি কয় যে, “আপোনাৰ ভোট চুৰি মানে আপোনাৰ অধিকাৰ চুৰি।
৮. হোজাইৰ দীঘলবিলত উত্তপ্ত পৰিস্থিতি। যোৱা নিশা একাংশ লোকে আৰক্ষীক আক্ৰমণ কৰে উক্তস্থানত। তাৰ পাছতেই আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। আজি আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আটক কৰিছে ৭ গৰাকীকৈ লোকক। এটা গোচৰৰ অনুসন্ধান চলাবলৈ গৈছিল আৰক্ষীৰ দলটো।
৯. ভাৰত-আমেৰিকাৰ সম্পৰ্ক পুনৰ সুদৃঢ় হোৱাৰ সম্ভাৱনা। অতি শীঘ্ৰেই বৈঠকত মিলিত হ’ব পাৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্প। অহা মাহত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ অধিবেশন অংশ ল’বলৈ আমেৰিকালৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদী। সেই সময়তেই দুয়োগৰাকী নেতা বৈঠকত মিলিত হ’ব পাৰে।
অন্য খবৰ পঢ়কঃ হোজাইত উত্তপ্ত পৰিস্থিতি! আৰক্ষীক আৱদ্ধ কৰি ৰাখিলে একাংশই আৰু পাছত…