ভাৰত-বাংলাদেশৰ মাজত অব্যাহত থাকক পাৰস্পৰিক সহযোগিতা…পত্ৰযোগে বিশেষ বাৰ্তা ইউনুছৰ
ভাৰত আৰু বাংলাদেশৰ মাজত পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ সম্পৰ্ক অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে ইউনুছে। তেওঁ লিখিছে, “মোৰ বিশ্বাস আছে যে আমাৰ পাৰস্পৰিক সন্মান আৰু বুজাবুজিয়ে দুয়োখন দেশে নিজৰ জনসাধাৰণৰ বাবে একেলগে কাম কৰাৰ পথ দেখুৱাব।” পত্ৰখনত ভাৰতৰ সুখ-সমৃদ্ধি আৰু শান্তিৰ কামনা কৰে ।

বাংলাদেশে নিজ হাতেৰে ধ্বংস কৰিছে ভাৰতৰ সৈতে থকা মধুৰ, বন্ধুত্বপূৰ্ণ সম্পৰ্ক। সম্প্ৰতি দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত অব্যাহত আছে উত্তেজনা । ইমানবোৰৰ পিছতো সৌজন্যতা বজাই ৰাখিবলৈ সকলো প্ৰচেষ্টাই কৰি গৈছে ভাৰতে । শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ উপলক্ষে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ আৰু সাধাৰণ জনতাক শুভেচ্ছা জনায় । তেওঁ মহম্মদ ইউনুছলৈ এখন চিঠি লিখি শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ চিঠিৰ উত্তৰ দি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে লিখিছে এখন পত্ৰ।
৪ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনুছলৈ ঈদৰ শুভেচ্ছা জনাই এখন চিঠি লিখিছিল। তাত লিখা আছিল, “সকলো ভাৰতীয় আৰু ভাৰত চৰকাৰৰ হৈ ঈদ উপলক্ষে বাংলাদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।” চিঠিখনত তেওঁ এই উৎসৱৰ সাংস্কৃতিক গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁলোকক ত্যাগ, ভাতৃত্ববোধ আৰু দয়াৰ কথাও সোঁৱৰাই দিয়ে। লগতে মহম্মদ ইউনুছৰ সুস্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
প্ৰধানমন্ত্ৰীৰ পত্ৰৰ প্ৰত্যুত্তৰত ৬ জুনত এখন পত্ৰ লিখিছিল মহম্মদ ইউনুছে। পত্ৰখনত তেওঁ লিখিছে, “ঈদ-উল-আজহাই সকলোকে একত্ৰিত কৰে… আমাক সকলোকে সমগ্ৰ বিশ্বৰ মংগলৰ বাবে একেলগে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।” ইয়াৰ লগতে ভাৰত আৰু বাংলাদেশৰ মাজত পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ সম্পৰ্ক অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে ইউনুছে। তেওঁ লিখিছে, “মোৰ বিশ্বাস আছে যে আমাৰ পাৰস্পৰিক সন্মান আৰু বুজাবুজিয়ে দুয়োখন দেশে নিজৰ জনসাধাৰণৰ বাবে একেলগে কাম কৰাৰ পথ দেখুৱাব।” পত্ৰখনত ভাৰতৰ সুখ-সমৃদ্ধি আৰু শান্তিৰ কামনা কৰে মহম্মদ ইউনুছে।
— Chief Adviser of the Government of Bangladesh (@ChiefAdviserGoB) June 8, 2025
উল্লেখ্য যে, বাংলাদেশৰ আন্দোলন আৰু বিগত বছৰ শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছৰে পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ক্ৰমান্বয়ে অৱনতি ঘটিছে। এফালে বাংলাদেশত হিন্দু আৰু সংখ্যালঘুসকলৰ ওপৰত নৃশংস নিৰ্যাতন চলোৱা হৈছে। আনফালে বাংলাদেশৰ মুক্তিযুদ্ধত ভাৰতে আগবঢ়োৱা অৱদানক অস্বীকাৰ কৰিবলৈও চেষ্টা চলোৱা হৈছে ৷