প্ৰধানমন্ত্ৰী মোদীলৈ ইথিওপিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান…
প্ৰধানমন্ত্ৰী মোদী এই বঁটা লাভ কৰা প্ৰথমজন বিশ্ব নেতা। মোদীক সৰ্বোচ্চ সন্মানেৰে সম্বৰ্ধনা জনোৱা ইথিওপিয়া বিশ্বৰ ২৫ সংখ্যক দেশ। ইথিওপিয়ালৈ এয়া প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ।
ইথিওপিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘The Great Honor Nishan of Ethiopia’ সন্মানেৰে সন্মানিত কৰা হয়। ভাৰত-ইথিওপিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ব্যতিক্ৰমী অৱদান আৰু বিশ্ব মঞ্চত তেওঁৰ দূৰদৰ্শী নেতৃত্বৰ বাবে এই সন্মান তেওঁক প্ৰদান কৰা হৈছিল। ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড° আবি আহমেদ আলীয়ে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে।
ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ইথিওপিয়াৰ এই মহান ভূমিত আপোনালোক সকলোৰে মাজত থকাটো এক সৌভাগ্যৰ কথা। আজি বিয়লি মই ইথিওপিয়াত উপস্থিত হ’লোঁ। আহি পোৱাৰ লগে লগে ইয়াত থকা মানুহবোৰে মোক মৰম দিয়াৰ লগতে ঘৰত থকাৰ দৰে অনুভৱ কৰাইছিল। প্ৰধানমন্ত্ৰী আলীয়ে মোক বিমানবন্দৰত আদৰিবলৈ আহিছিল আৰু মোক ফ্ৰেণ্ডশ্বিপ পাৰ্ক আৰু বিজ্ঞান সংগ্ৰহালয়লৈ লৈ গৈছিল, য’ত মই নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোচনা কৰিছিলো।”
প্ৰধানমন্ত্ৰী মোদী এই বঁটা লাভ কৰা প্ৰথমজন বিশ্ব নেতা। মোদীক সৰ্বোচ্চ সন্মানেৰে সম্বৰ্ধনা জনোৱা ইথিওপিয়া বিশ্বৰ ২৫ সংখ্যক দেশ। ইথিওপিয়ালৈ এয়া প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ। আদিছ আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড° আবি আহমেদে প্ৰধানমন্ত্ৰী মোদীক এই সৰ্বোচ্চ সন্মান প্ৰদান কৰে।
অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, তেওঁ এই সন্মান বিশ্বৰ অন্যতম পুৰণি সভ্যতা ইথিওপিয়াৰ পৰা লাভ কৰে আৰু তেওঁ ইয়াক গভীৰ নম্ৰতা আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰে। এই সন্মানৰ বাবে প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আৰু ইথিওপিয়াৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ প্ৰধানমন্ত্ৰী আবি আহমেদৰ নেতৃত্ব আৰু ৰাষ্ট্ৰীয় ঐক্য, বহনক্ষম উন্নয়ন আৰু সৰ্বাংগীন প্ৰগতিৰ প্ৰসাৰৰ পদক্ষেপক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, জ্ঞান হৈছে জাতি-নিৰ্মাণৰ ভেটি আৰু ভাৰতীয় শিক্ষকসকলে ইথিওপিয়াৰ বিকাশ আৰু প্ৰগতিৰ ক্ষেত্ৰত এশ বছৰতকৈও অধিক সময় ধৰি অৰিহণা যোগোৱাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়। তেওঁ এই সন্মান সকলো ভাৰতীয় আৰু ইথিওপিয়াবাসীক উৎসৰ্গা কৰে যিসকলে দুয়োখন দেশৰ মাজত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সম্পৰ্ক সুদৃঢ় কৰি তুলিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, তেওঁ ১৪ কোটি ভাৰতীয়ৰ হৈ এই সন্মান কৃতজ্ঞতাৰে গ্ৰহণ কৰে।
সোমবাৰে জৰ্ডানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জৰ্ডান ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ইথিওপিয়াত উপস্থিত হয়, য’ত প্ৰধানমন্ত্ৰী আবি আহমেদ আলীয়ে তেওঁক বিমানবন্দৰত আদৰণি জনায়। ইথিওপিয়াত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী আবি আহমেদৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে আদিছ আবাবাৰ বিজ্ঞান সংগ্ৰহালয় পৰিদৰ্শন কৰে।