শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সীমান্ত, সম্পৰ্ক আৰু সন্ত্ৰাসবাদ…এই বিষয়সমূহত সহমতত উপনীত ভাৰত-চীন

মিশ্ৰীয়ে কয় যে, দুয়োখন দেশে ভাগ-বতৰা কৰা চিন্তাধাৰাক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে। পাৰস্পৰিক বিশ্বাস বৃদ্ধি কৰাটোৱেই দুয়োখন দেশৰ লক্ষ্য। আলোচনাৰ সময়ত মতানৈক্যক বিবাদলৈ পৰিণত হ’বলৈ দিয়া উচিত নহয় বুলিও সহমতত উপনীত হয়। প্ৰত্যাহ্বানসমূহ একেলগে মোকাবিলা কৰাটো প্ৰয়োজন। দুয়োজন নেতাই সমাধানৰ প্ৰতি দায়বদ্ধ।

সীমান্ত, সম্পৰ্ক আৰু সন্ত্ৰাসবাদ…এই বিষয়সমূহত সহমতত উপনীত ভাৰত-চীন
মোদী-চীনৰ ৰাষ্ট্ৰপতি
trishna-kalita
Trishna Kalita | Published: 01 Sep 2025 08:47 AM

প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণক লৈ এক ডাঙৰ বিবৃতি প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ইয়াৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক, আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। সন্ত্ৰাসবাদৰ দৰে বিষয়ত একত্ৰিত হ’ল দুয়োখন দেশ । সীমান্তত শান্তি বজাই ৰখাৰ ক্ষেত্ৰত একমতত উপনীত হয়।

মিশ্ৰীয়ে কয় যে, দুয়োখন দেশে ভাগ-বতৰা কৰা চিন্তাধাৰাক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে। পাৰস্পৰিক বিশ্বাস বৃদ্ধি কৰাটোৱেই দুয়োখন দেশৰ লক্ষ্য। আলোচনাৰ সময়ত মতানৈক্যক বিবাদলৈ পৰিণত হ’বলৈ দিয়া উচিত নহয় বুলিও সহমতত উপনীত হয়। প্ৰত্যাহ্বানসমূহ একেলগে মোকাবিলা কৰাটো প্ৰয়োজন। দুয়োজন নেতাই সমাধানৰ প্ৰতি দায়বদ্ধ। এবছৰতকৈও কম সময়ৰ ভিতৰত দুয়ো নেতাৰ মাজৰ এয়া আছিল দ্বিতীয়খন বৈঠক।

প্ৰধানমন্ত্ৰী মোদী আৰু জি জিনপিঙৰ অন্তিমখন বৈঠক বিগত বৰ্ষৰ অক্টোবৰ মাহত কাজানত হৈছিল। ইয়াৰ মাজতে দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ সন্দৰ্ভত আলোচনা হয়। এই সময়ছোৱাত দুয়োপক্ষই কিছু লক্ষ্যও স্থাপন কৰে।

Pm Modi Xi Jinping Bilateral Meeting 1024x576

ব্ৰিকছ সন্মিলনলৈ জিনপিঙক আমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে

সংবাদমেলৰ সময়ত বৈদেশিক সচিবগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ ৰাষ্ট্ৰপতিক ব্ৰিকছ সন্মিলনলৈ আমন্ত্ৰণ জনাইছে। ৰাষ্ট্ৰপতি জিনপিঙে এই আমন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰি ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতাৰ বাবে চীনৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়। ভাৰতে অহা বছৰ অৰ্থাৎ ২০২৬ চনত ব্ৰিকছ সন্মিলনৰ আয়োজন কৰিব।

সোমবাৰে প্ৰধানমন্ত্ৰী মোদী-পুটিনৰ মাজত দ্বিপাক্ষিক বৈঠক

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, বিশ্ব বাণিজ্য সুস্থিৰ কৰাৰ ক্ষেত্ৰত ভাৰত আৰু চীনৰ অৰ্থনীতিৰ ভূমিকাক স্বীকৃতি দিয়া হৈছে। দুয়োগৰাকী নেতাই পুনৰবাৰ তেওঁলোকৰ দ্বিপাক্ষিক বাণিজ্যিক ঘাটি হ্ৰাস কৰাৰ লগতে দুয়ো দিশতে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক সহজ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সোমবাৰে ​​অৰ্থাৎ আজি  এছ চি অ’ৰ নেতাসকলৰ বৈঠক অনুষ্ঠিত হৈছে । এই সন্মিলনত পি এম মোদী, চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠক অনুষ্ঠিত হয়। য’ত তিনিওজন নেতা একেলগে আহিল। এতিয়া তিনিওজন নেতাৰ মাজত এখন বৈঠক চলি আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ উপৰিও তেওঁ শীৰ্ষ সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ দিব। ইয়াৰ পিছত তেওঁ ভাৰতলৈ ৰাওনা হ’ব।