শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সীমান্তৰ পৰা আঁতৰি গৈছে পাকিস্তানী সেনা, পতাকা আঁতৰাই খালী কৰিছে বাংকাৰ…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। কিন্তু এতিয়া খবৰ আহিছে যে ভাৰত-পাকিস্তান সীমান্তৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে পাকিস্তানী সেনা।

সীমান্তৰ পৰা আঁতৰি গৈছে পাকিস্তানী সেনা, পতাকা আঁতৰাই খালী কৰিছে বাংকাৰ…
সীমান্তImage Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 01 May 2025 13:23 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। পাকিস্তানৰ কেইবাগৰাকী নেতা-মন্ত্ৰীয়ে ভাৰতক ভাবুকি দি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত ভয় খাইছে চুবুৰীয়া ৰাষ্ট্ৰখনে। কিয়নো সীমান্তৰ পৰা ক্ৰমান্বয়ে পিছুৱাই গৈছে পাকিস্তানী সেনা। জানিব পৰা মতে, পাকিস্তানী সেনাই সীমান্তৰ চকীসমূহ খালী কৰি আছে আৰু তেওঁলোকৰ পতাকাও আঁতৰাই পেলাইছে। গতিকে এক কথাত কব পাৰি যে শংকিত হৈ পৰিছে পাকিস্তান।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি পাকিস্তান সেনাই ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাকিস্তানী চকীসমূহ মুকলি কৰি দিছে। সীমান্তৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে তেওঁলোক। আনহাতে পাকিস্তানী ৰেঞ্জাৰসকলেও নিজৰ বাংকাৰৰ পৰা পাকিস্তানৰ পতাকা আঁতৰাই পেলাইছে।

আন্তৰ্জাতিক সীমান্তৰ পৰা পাকিস্তানে কিয় হঠাতে সৈন্য প্ৰত্যাহাৰ কৰিলে বা পাকিস্তানৰ পতাকা নমাই আনিলে তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।  অৱশ্যে সূত্ৰ অনুসৰি ভাৰতে প্ৰতিশোধ ল’ব পাৰে বুলি আশংকাত ভুগিছে পাকিস্তান। যাৰ বাবে সীমান্তৰ পৰা পাকিস্তানী সেনা পিছুৱাই গৈছে।

উল্লেখ্য যে,  মঙলবাৰে সামৰিক পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাক মুক্ত হাত প্ৰদান কৰিছিল । অৰ্থাৎ কোনো সামৰিক অভিযানৰ ক্ষেত্ৰত সেনাক ভাৰত চৰকাৰৰ অনুমতিৰ প্ৰয়োজন নাই।  তেতিয়াৰ পৰাই পাকিস্তানে ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে বুলি শংকিত হৈ আছে। আনকি পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত ভাৰতে আক্ৰমণ চলাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিল।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে দেশ দুখনৰ মাজত অস্থিৰতা বৃদ্ধি পাইছে। ভাৰতে বৰ্তমান পৰ্যন্ত সামৰিক দিশত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও কূটনৈতিক দিশত বহু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশেষকৈ সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছতে পাকিস্তানে ভাৰতক যুদ্ধৰ ভাবুকি দি আহিছে। কিন্তু খবৰ অনুসৰি যুদ্ধৰ ভাবুকি দিয়া বহু নেতাই ইতিমধ্যে পাকিস্তান ত্যাগ কৰিছে। আনকি শাৰীৰিক অসুস্থতা বা অন্য কাৰণ দেখুৱাই কমেও ২৫০ গৰাকী জ্যেষ্ঠ সেনা বিষয়াই পদত্যাগ কৰিছে।

মুঠতে ভয়ত এতিয়া পাকিস্তানৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। অৱশ্যে ইয়াৰ আঁৰত পাকিস্তানে কোনো অন্য পৰিকল্পনা কৰি থাকিব পাৰে বুলি নুই কৰিব নোৱাৰি। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত পাকিস্তানৰ সংযোগ থকা বুলি অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত বহু তথ্যও পোহৰলৈ আহিছে।  গতিকে চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰতি ভাৰতে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ মৰুভূমিত পৰিণত পাকিস্তানৰ নদী! চেটেলাইটৰ ছবিত দেখা গৈছে ভাৰতৰ সিদ্ধান্তৰ প্ৰভাৱ…