সন্দিপন গাৰ্গৰ গ্ৰেপ্তাৰৰ পৰা জনজাতিকৰণৰ প্ৰতিবাদলৈ দিনটোৰ শীৰ্ষ খবৰ…
আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু ধৰণৰ ঘটনা সংঘটিত হয়। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে। বিভিন্ন অভিযোগ উত্থাপন কৰিছে কাৰ্বি আংলং কংগ্ৰেছে।
আজি গ্ৰেপ্তাৰ হয় সন্দিপন গাৰ্গ। জুবিনৰ আত্মীয় এই সন্দিপন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত তেওঁ ছিংগাপুৰৰ য়াট পাৰ্টিত আছিল। ইয়াৰ পাছতে তেওঁক নিলম্বনো কৰা হয়। এনেকৈ জুবিন গাৰ্গৰ হত্যাৰ গোচৰত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
ইফালে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কাৰ্বি আংলং কংগ্ৰেছে। অৰুণোদয় ৩.০ মুকলিৰ সময়ত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ মহিলা সন্দৰ্ভত কৰা এক মন্তব্যক লৈ এই এজাহাৰ দাখিল কৰিছে।
জনজাতিকৰণৰ দাবীত আজি তিনিচুকীয়াত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে সদৌ চাহ জনজাতি ছাত্ৰসন্থাই। শ শ লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তিনিচুকীয়াত মুখ্যমন্ত্ৰীয়ে কৰা এক মন্তব্যৰ পাছতে আজি এই প্ৰতিবাদ কৰা দেখা যায়।
Latest Videos

জীৱনত সন্মান আৰু সফলতা লাভ কৰিবলৈ এই ঠাইত কেতিয়াও ভৰি নিদিব !

৩ বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা, তেওঁলোক কোন জানেনে?

সন্দিপন গাৰ্গৰ গ্ৰেপ্তাৰৰ পৰা জনজাতিকৰণৰ প্ৰতিবাদলৈ দিনটোৰ খবৰ

মুখ দেখুৱাই লওক ধন! শীঘ্ৰেই UPIত দেখা যাব অত্যাধুনিক প্ৰযুক্তি
