শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
EPF, PPF নে NPS...অৱসৰৰ পাছত নিশ্চিত জীৱনৰ বাবে ক'ত বিনিয়োগ কৰা উচিত?

EPF, PPF নে NPS…অৱসৰৰ পাছত নিশ্চিত জীৱনৰ বাবে ক’ত বিনিয়োগ কৰা উচিত?

raj-saikia
Raj Saikia | Published: 08 Oct 2025 20:38 PM

অৱসৰৰ পাছত এটা নিশ্চিত জীৱনৰ বাবে যদি আপুনি বিনিয়োগ কৰিব বিচাৰে তেন্তে চৰকাৰী কেইবাখনো আঁচনি আছে। ইয়াৰ ভিতৰত কৰ্মচাৰী ভৱিষ্য নিধি (Employees Provident Fund), ৰাজহুৱা ভৱিষ্য নিধি (Public Provident Fund) আৰু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (National Pension System)।

সাধাৰণ মধ্যবিত্ত বা নিম্নবৰ্গৰ মানুহে অৱসৰৰ পিছৰ সময়ৰ কথা নাভাবে। ফলত নিম্নবৰ্গৰ লোকে অৱসৰৰ বয়স পাৰ হৈ যোৱাৰ পাছতো কৰ্মৰ পৰা অৱসৰ নলয়। ইফালে মধ্যবিত্ত শ্ৰেণীৰ মানুহে এটা নিৰ্দিষ্ট বয়সৰ পিছত মনত পেলায় যে এইবাৰ তেওঁলোকে অৱসৰৰ পুঁজিৰ ব্যৱস্থা কৰিব লাগিব। ফলত শেষ মুহূৰ্তত দৌৰাদৌৰিৰ সৃষ্টি হয়।

কিন্তু সত্যটো হ’ল যিমান সোনকালে পৰিকল্পনা কৰিব সিমানেই লাভ বেছি হ’ব। আজিয়েই যদি আপুনি বিনিয়োগ কৰিব বিচাৰে তেন্তে চৰকাৰী কেইবাখনো আঁচনি আছে। ইয়াৰ ভিতৰত কৰ্মচাৰী ভৱিষ্য নিধি (Employees Provident Fund), ৰাজহুৱা ভৱিষ্য নিধি (Public Provident Fund) আৰু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (National Pension System)।

যদি আপুনি বিনিয়োগৰ নিশ্চিত ৰিটাৰ্ণ বিচাৰে বা ৰিস্ক ল’ব নিবিচাৰে, তেন্তে EPF বা PPF নিশ্চিতভাৱে উত্তম হ’ব। যদি আপুনি কৰ্মচাৰী, তেন্তে আপুনি EPF পাব। আৰু আপুনি কৰ্মচাৰী হওক বা সাধাৰণ মানুহ হওক, আপুনি PPF ত বিনিয়োগ কৰিব পাৰে। কিন্তু যদি আপুনি ৰিস্ক ল’ব বিচাৰে আৰু মুদ্ৰাস্ফীতিক অতিক্ৰম কৰিব বিচাৰে তেন্তে NPS ত বিনিয়োগ কৰা উচিত। আচলতে এই ৩টাৰ ভিতৰত এটা নহয়, প্ৰয়োজন অনুসৰি ৩টা ক্ষেত্ৰৰ সকলোবোৰ মিলি আপোনাৰ অৱসৰ জীৱন নিৰাপদ কৰিব পাৰে।