পাকঘৰৰ এই বস্তু হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ!

8  OCT 2025

TV9 ASSAM

আজিকালি বহু মানুহৰ হৃদযন্ত্ৰৰ সমস্যা হোৱা দেখা যায়। যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ জনলৈ আজিকালি বহুতৰে এই সমস্যা হোৱা দেখা যায়।

হৃদযন্ত্ৰ

আমাৰ  পাকঘৰত কিছুমান এনে বস্তু আছে যিয়ে হৃদযন্ত্ৰৰ সমস্যা সৃষ্টি কৰাৰ কাৰণ হ'ব পাৰে। বিশেষকৈ কিছুমান বস্তুৰ ব্যৱহাৰে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে।

কাৰণ

বেছিকৈ নিমখ খালে ব্লাড প্ৰেচাৰ বৃদ্ধি পায়। এনে অৱস্থাত হৃদযন্ত্ৰত প্ৰভাৱ পৰে। ইয়াৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে সদায় কমকৈ নিমখ খাব লাগে।

নিমখ

ননষ্টিক বাচনত খাদ্য খোৱা অতি বেয়া। ইয়াক ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে। যাৰ ফলত বাচন গৰম হলে কেমিকেল বাহিৰ হয়। যি কলেষ্টেৰল বৃদ্ধি কৰি হৃদযন্ত্ৰক প্ৰভাৱিত কৰে।

ননষ্টিক

প্লাষ্টিক কাটিং বোৰ্ডৰ ব্যৱহাৰ কৰা অতি বেয়া। ইয়াত শাক-পাচলি কাটিলে সৰু সৰু কনাবোৰ খাদ্যত মিহলি হৈ পৰে। ই শৰীৰত প্ৰৱেশ কৰি হৃদযন্ত্ৰৰ দৰে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

প্লাষ্টিক কাটিং বোৰ্ড

প্লাষ্টিকৰ বাচনত খাদ্য ৰখাও বেয়া। ইয়াত কেমিকল্ছ থাকে। যি খাদ্যৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। বিশেষকৈ যেতিয়া খাদ্য গৰম কৰা যায় তেতিয়া বেছি বেয়া। ইয়াৰ ফলত ব্লাড প্ৰেচাৰ আৰু হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে।

প্লাষ্টিক বাচন

বহুত বেছি তেল খোৱাও শৰীৰৰ বাবে বেয়া। বিশেষকৈ ৰিফাইণ্ড তেল বেছি বেয়া। গতিকে বেছিকৈ তেল খোৱা পৰিহাৰ কৰিব লাগে। ই কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে।

তেল

পড়িবলৈ ক্লিক কৰক 

ইউৰিক এচিড বৃদ্ধিৰ লক্ষণ