শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মৰুভূমিত পৰিণত পাকিস্তানৰ নদী! চেটেলাইটৰ ছবিত দেখা গৈছে ভাৰতৰ সিদ্ধান্তৰ প্ৰভাৱ…

পহলগাম আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰিছে। এগৰাকী মন্ত্ৰীৰ দাবী অনুসৰি চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰভাৱ পাকিস্তানত পৰিছে। কিয়নো পাকিস্তানৰ নদী এতিয়া শুকাই পৰিছে।

মৰুভূমিত পৰিণত পাকিস্তানৰ নদী! চেটেলাইটৰ ছবিত দেখা গৈছে ভাৰতৰ সিদ্ধান্তৰ প্ৰভাৱ…
চেটেলাইট ফটোImage Credit source: X (P C Mohan)
barasha-sarma
Barasha Sarma | Published: 30 Apr 2025 19:38 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত সিনধু জল চুক্তি বাতিল কৰা সিদ্ধান্ত অন্যতম। ভাৰত চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ প্ৰভাৱ এতিয়া চুবুৰীয়া ৰাষ্ট্ৰখনত পৰা পৰিলক্ষিত হৈছে। দাবী অনুসৰি, সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছত ছিয়ালকোটৰ সমীপৰ চেনাব নদী শুকাই গৈছে। বেংগালুৰুৰ কেন্দ্ৰীয় সাংসদ পি চি মোহনে এই দাবী কৰি কেইখনমান চেটেলাইটৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

 

চেটেলাইটৰ ফটোত স্পষ্টকৈ দেখা গৈছে যে নদীখনৰ পানীৰ প্ৰৱাহ প্ৰায় শেষ হৈ গৈছে। ই পাকিস্তানৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয়। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে পহলগাম কাণ্ডত জড়িতসকলে কল্পনা কৰাতকৈ অধিক শাস্তি লাভ কৰিব। ইয়াৰ পাছতে চুবুৰীয়া ৰাষ্ট্ৰখনত উদ্বেগ বৃদ্ধি পাইছে আৰু অনুমান কৰি গৈছে যে কেতিয়া কেনেকৈ ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব।

ছিয়ালকোটৰ অন্তৰ্গত চিনাব নদীৰ পানী যদি সম্পূৰ্ণ শুকাই যায় তেন্তে অঞ্চলটোৰ জনতা আৰু কৃষকসকলৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পৰিব। যাৰ ফলত দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক বেয়াৰ ফালে গতি কৰিব বুলি অনুমান কৰা হৈছে। ইতিমধ্যে পাকিস্তানৰ বহু নেতাই কৈছে যে ভাৰতে পানী বন্ধ কৰি দিয়াৰ সিদ্ধান্তটো যুদ্ধৰ আৰম্ভ বুলি ধৰা হ’ব।

শেহতীয়াকৈ ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি কব পাৰি যে ভাৰতে কেৱল কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিয়ে হাত সাৱতি বহি নাথাকে। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সামৰিক পদক্ষেপ গ্ৰহণ কৰিব পাৰে। কিয়নো মঙলবাৰে এক বৈঠকত মোদী সেনাক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰে। সেনাক স্বাধীনতা প্ৰদান কৰাৰ অৰ্থ হ’ল সেনাই কোনো পদক্ষেপ বা সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে ভাৰত চৰকাৰৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই।

উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। য’ত প্ৰায় ২৬ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হৈছিল ১৪ জনৰো অধিক। এনে পৰিস্থিতিত ভাৰতে এতিয়া পাকিস্তানৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি কৰি গৈছে।  ইয়াৰ মাজতে ঘটনাৰ পাছতে পাকিস্তানে কাশ্মীৰৰ নিয়ন্ত্ৰণৰ ৰেখাৰ কাষত অবিৰতভাৱে গুলীচালনা কৰিছে আছে। অৱশ্যে ভাৰতীয় সেনাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিছে।

 

অন্য খবৰ পঢ়কঃ সেই ৪ খন যুদ্ধ! য’ত প্ৰতিবাৰেই ভাৰতৰ ওচৰত হাৰ মানিছিল পাকিস্তানে, মনত পেলাই দিলে মুখ্যমন্ত্ৰীয়ে…