শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আফগানিস্তানৰ বাবে এক পক্ষত ভাৰত-পাকিস্তান-চীন! বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা…

মুকলিকৈ তালিবানৰ পক্ষ লৈছে ভাৰতে। যিটো আমেৰিকাৰ বাবে এক বৃহৎ বিপৰ্যয় বুলি বিবেচিত হৈছে। মস্কোত অনুষ্ঠিত বহুপক্ষীয় আঞ্চলিক বৈঠকত ভাৰত, ৰাছিয়া, চীন, পাকিস্তানৰ দৰে দেশসমূহে আফগানিস্তানত বাগ্ৰাম বিমান ঘাটিৰ বাবে আমেৰিকাৰ দাবীৰ বিৰোধিতা কৰি এক যৌথ বিবৃতি প্ৰকাশ কৰে।

আফগানিস্তানৰ বাবে এক পক্ষত ভাৰত-পাকিস্তান-চীন! বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা…
আফগানিস্তানৰ বাবে এক পক্ষত ভাৰত-পাকিস্তান-চীন!
Trishna Kalita
Trishna Kalita | Published: 08 Oct 2025 12:38 PM

ভাৰত আৰু আফগানিস্তানৰ ঘনিষ্ঠ সম্পৰ্ক গোপনীয় নহয়। কাবুলত নতুন তালিবান প্ৰশাসনৰ সৈতে সম্পৰ্ক অক্ষুণ্ণ ৰাখিছে ভাৰতে। কিন্তু ভাৰতে মুকলিকৈ তালিবানৰ পক্ষ লোৱাটো খুব কমেইহে দেখা গৈছে যদিও সহযোগিতা বজাই ৰাখিছে৷ এতিয়া মুকলিকৈ তালিবানৰ পক্ষ লৈছে ভাৰতে। যাৰ বাবে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে আমেৰিকা।

ভাৰতে তালিবান, পাকিস্তান, চীন, ৰাছিয়াৰ লগ হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আফগানিস্তানত থকা বাগ্ৰাম এয়াৰবেছ দখল কৰাৰ উদ্দেশ্যৰ বিৰোধিতা কৰিছে। মঙলবাৰে জাৰি কৰা এক যৌথ বিবৃতিত আফগানিস্তানৰ মস্কো ফৰ্মেট কনচালটেশ্যনৰ প্ৰতিনিধিসকলে বাগ্ৰামৰ নাম উল্লেখ নকৰাকৈয়ে কয় যে, “আফগানিস্তান আৰু চুবুৰীয়া দেশসমূহত নিজৰ সামৰিক আন্তঃগাঁথনি নিয়োগ কৰাৰ প্ৰচেষ্টা গ্ৰহণযোগ্য নহয়, কিয়নো ইয়াৰ দ্বাৰা আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ স্বাৰ্থ পূৰণ নহ’ব।”

আফগানিস্তান, ভাৰত, ইৰাণ, কাজাখস্তান, চীন, কিৰ্গিস্তান, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান, আৰু উজবেকিস্তানৰ বিশেষ প্ৰতিনিধি আৰু উচ্চপদস্থ বিষয়াৰ পৰ্যায়ত মস্কোত অনুষ্ঠিত হয় আফগানিস্তানৰ ওপৰত মস্কো ফৰ্মেট পৰামৰ্শৰ সপ্তমখন বৈঠক। বেলাৰুছৰ পৰা অহা এটা প্ৰতিনিধি দলেও অতিথি হিচাপে সভাত অংশগ্ৰহণ কৰে।

বাগ্ৰাম এয়াৰবেছৰ বিষয়ে কি ক’লে ট্ৰাম্পে?

আফগানিস্তানৰ তালিবান চৰকাৰক দেশখনৰ বাগ্ৰাম এয়াৰবেছ ৱাশ্বিংটনক গতাই দিবলৈ দাবী জনাইছে ট্ৰাম্পে। পাঁচ বছৰ পূৰ্বে তালিবানৰ সৈতে আমেৰিকাই চুক্তি স্বাক্ষৰ কৰি কাবুলৰ পৰা আমেৰিকাৰ প্ৰত্যাহাৰৰ বাট মুকলি কৰি দিছিল। আমেৰিকাই তালিবানৰ বিৰুদ্ধে ২০ বছৰীয়া যুদ্ধ চলাইছিল, সেই সময়ত বাগ্ৰাম বায়ু ঘাটিয়ে আমেৰিকাৰ বাহিনীৰ ঘাটি হিচাপে কাম কৰিছিল।

বাগ্ৰামক ঘূৰাই নিদিলে ভয়াৱহ পৰিণতি হ’ব বুলি তালিবানক সকীয়াই দিছে ট্ৰাম্পে। এই দাবীৰ প্ৰতি সঁহাৰি জনাই জাবিহুল্লাহ মুজাহিদে কয় যে, আফগানসকলে কোনো কাৰণতে তেওঁলোকৰ মাটি কাকো গতাই দিবলৈ নিদিয়ে।