অৱশেষত সন্দিপন গাৰ্গক চাকৰিৰ পৰা নিলম্বন, ৭ দিনৰ চিআইডিৰ জিম্মাত আছে ডি এছ পি গাৰ্গ
গুৱাহাটীস্থিত চিআইডিৰ মুখ্য কাৰ্যালয়ত ব্যাপক জেৰাৰ অন্তত অপৰাধ অনুসন্ধান বিভাগৰ বিশেষ তদন্তকাৰী দলে বিষয়াজনক আজি পুৱা গ্ৰেপ্তাৰ কৰে। তাৰ পিছতে এই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে সন্দিপন গাৰ্গৰ বিৰুদ্ধে।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে কামৰূপ জিলাৰ অন্তৰ্গত বকো-ছয়গাঁও সম-জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা উপ-আৰক্ষী অধীক্ষক সন্দিপন গাৰ্গক নিলম্বন কৰিছে অসম চৰকাৰে। ৮ অক্টোবৰ বুধবাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসমৰ ৰাজ্যপালৰ নিৰ্দেশত নিলম্বন কৰা হয় সন্দিপন গাৰ্গক। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ এইগৰাকী নিলম্বিত আৰক্ষী বিষয়া।
চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, গুৱাহাটীস্থিত চিআইডিৰ মুখ্য কাৰ্যালয়ত ব্যাপক জেৰাৰ অন্তত অপৰাধ অনুসন্ধান বিভাগৰ বিশেষ তদন্তকাৰী দলে বিষয়াজনক আজি পুৱা গ্ৰেপ্তাৰ কৰে। তাৰ পিছতে এই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে সন্দিপন গাৰ্গৰ বিৰুদ্ধে।
ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) আইন, ২০২৩ৰ ধাৰা ৬১(২), ১০৫, আৰু ১০৬(১)ৰ অধীনত পঞ্জীয়ন কৰা চিআইডি থানাৰ গোচৰ নং ১৮/২০২৫ৰ সৈতে জড়িত ডিএছপি সন্দিপন গাৰ্গক ধাৰা ১০৩ৰ অধীনত অতিৰিক্ত অভিযোগৰ সৈতে জিম্মাত লোৱা হয়। চিআইডিৰ সূত্ৰই কয় যে চলি থকা তদন্তৰ সৈতে বিষয়াজনৰ সংযোগ থকাৰ পৰ্যাপ্ত প্ৰমাণ আছে।
মুখ্য তদন্তকাৰী বিষয়াই নিশ্চিত কৰে যে আদালতে প্ৰদান কৰা অনুসৰি ডি এছ পি গাৰ্গক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ২০২৫ চনৰ ১৫ অক্টোবৰত তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে। তেতিয়া তেওঁক আৰক্ষীৰ জিম্মাৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে।

নিৰ্দেশনা পত্ৰ
নিলম্বনৰ সময়ছোৱাত আৰু যদি ন্যায়িক জিম্মাৰ পৰা মুকলি হয় তেন্তে অধিক পৰ্যালোচনাৰ পিছত পুনৰীক্ষণৰ আওতাত ডি এছ পি গাৰ্গ গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষী মুখ্য কাৰ্যালয়ত থাকিব।
উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰত য়টখনত উপস্থিত থকাৰ কথা প্ৰকাশ পোৱাৰ পিছতে ডি এছ পি গাৰ্গৰ নাম চৰ্চালৈ আহিছিল। যিটো বিষয়ক লৈ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অৱশ্যে তেওঁক গ্ৰেপ্তাৰৰ নিৰ্দিষ্ট ভিত্তি এতিয়াও প্ৰকাশ কৰা নাই চি আই ডিয়ে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিশেষ ডিজিপি (চিআইডি) মুন্না প্ৰসাদ গুপ্তাই কয়, ‘‘আজি আমি সন্দিপন গাৰ্গক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই ১৪ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰোঁ। মঙলবাৰে সাক্ষ্য প্ৰদান কৰা ৰূপকমল কলিতাকে ধৰি ছিংগাপুৰত বাস কৰা অসমীয়া নাগৰিককো চমন জাৰি কৰা হৈছে। যিহেতু বৰ্তমান সকলো সংশ্লিষ্ট ব্যক্তি ছিংগাপুৰত আছে, গতিকে ভাৰত-ছিংগাপুৰৰ পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ অধীনত আমি আগবাঢ়িছো, আৰু ইতিমধ্যে প্ৰক্ৰিয়াটো গতিশীল কৰি তোলা হৈছে।”