শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
৩ বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা, তেওঁলোকৰ অৱদানৰ বিষয়ে জানেনে?

৩ বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা, তেওঁলোকৰ অৱদানৰ বিষয়ে জানেনে?

trishna-kalita
Trishna Kalita | Published: 08 Oct 2025 22:15 PM

পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হ’ব ১২ লাখ ডলাৰ। আলফ্ৰেড ন'বেলৰ মৃত্যুৰ বাৰ্ষিকী ১০ ডিচেম্বৰত ষ্টকহ’মত বিজ্ঞান, সাহিত্য আৰু অৰ্থনীতিৰ ন'বেল বঁটাসমূহ প্ৰদান কৰিব ছুইডেনৰ ৰজাই। শুকুৰবাৰে ঘোষণা কৰা হ’ব শান্তিৰ ন'বেল বঁটা।

চিকিৎসা বিজ্ঞানৰ পিছত আন তিনিজন বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হ’ব। সোমবাৰে ঘোষণা কৰা চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰা ২ জন আছিল আমেৰিকাৰ নাগৰিক। আৰু পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা বিজয়ী তিনিজনৰ আটাইকেইজনেই আমেৰিকান। মঙলবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে ঘোষণা কৰে যে, এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা জন ক্লাৰ্ক, মাইকেল এইচ ডেভ’ৰেট আৰু জন এম মাৰ্টিনিছক প্ৰদান কৰা হ’ব। বৈদ্যুতিক বৰ্তনীত মেক্ৰস্কোপিক কোৱাণ্টাম মেকানিকেল টানেলিং আৰু শক্তি পৰিমাপকৰ আৱিষ্কাৰৰ বাবে তেওঁলোকক ন’বেল বঁটা প্ৰদান কৰা হ’ব।

কোৱাণ্টাম মেকানিক্সৰ কামৰ বাবে এইবাৰ ন’বেল বঁটা লাভ কৰে তিনিওজন বিজ্ঞানীয়ে। ন’বেল কমিটীয়ে এক বিবৃতিত কয় যে. এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাৰ জৰিয়তে কোৱাণ্টাম ক্ৰিপ্টোগ্ৰাফী, কোৱাণ্টাম কম্পিউটাৰ আৰু কোৱাণ্টাম চেন্সৰকে ধৰি পৰৱৰ্তী প্ৰজন্মৰ কোৱাণ্টাম প্ৰযুক্তিৰ বিকাশৰ পথ মুকলি হৈছে।