অৰুণোদয় ৩.০ৰ পৰা পদাৰ্থ বিজ্ঞানৰ নোবেললৈ, চাওক দিনটোৰ চৰ্চিত খবৰসমূহ…
আজি দিনটোত কেইবাটাও খবৰে সংবাদ শিৰোনাম দখল কৰিছে। অসমৰ প্ৰেক্ষাপটত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰসঙ্গ আজি সৰ্বাধিক চৰ্চাত আছে। চাওঁ আহক দিনটোৰ কেতবোৰ চৰ্চিত তথা প্ৰধান খবৰ।

দিনটোৰ চৰ্চিত খবৰImage Credit source: PTI
আজি দিনটোত কেইবাটাও খবৰে সংবাদ শিৰোনাম দখল কৰিছে। অসমৰ প্ৰেক্ষাপটত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰসঙ্গ আজি সৰ্বাধিক চৰ্চাত আছে। একেদৰে আজি অৰুণোদয় ৩.০ক লৈও যথেষ্ট চৰ্চা পৰিলক্ষিত হয়। ইফালে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ীসকলৰ নাম ঘোষণাই অত্যন্ত চৰ্চা লাভ কৰিছে। চাওঁ আহক দিনটোৰ কেতবোৰ চৰ্চিত তথা প্ৰধান খবৰ-
- অসম চৰকাৰে প্ৰদান কৰা অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ আজি মুকলি কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত অংশ লৈ অৰুণোদয় ৩.০ মুকলি কৰে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৩৮ লাখতকৈ অধিক মহিলাক সামৰি লোৱা হ’ব।
- অৰুণোদয় ৩.০ মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। এনে ঘোষণা অনুসৰি ১ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ অধীনত চাউলৰ লগতে দাইল, নিমখ, চেনী কম দামত লাভ কৰিব। ২৬ৰ নিৰ্বাচনত জয়ী হ’লে মিঠাতেল সুলভ মূল্যত দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। স্পষ্টকৈ উল্লেখ নকৰিলেও ফেব্ৰুৱাৰীত বিশেষ উপহাৰৰ ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
- আজি তিনিচুকীয়াত নতুন আৱৰ্ত ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়তে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত তেওঁ জনজাতিকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই বিষয়ত চৰকাৰে গঠন কৰা মন্ত্ৰীসভাৰ গোটে ২৫ নৱেম্বৰত প্ৰতিবেদন দাখিল কৰিব। এই সন্দৰ্ভত বিধানসভাত আলোচনামৰ্মে সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ কয়।
- মুখ্যমন্ত্ৰীৰ মুখত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্কৰ বিষয়। শ্যামকানু মহন্ত আৰু গৌৰৱ গগৈৰ সম্পৰ্কক বুন্দিয়া-ভূজিয়া আখ্যা দিয়ে। ইফালে গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্বৰ প্ৰসঙ্গ লৈ নিজৰ সন্তানকে বিদেশী কৰি দিয়া গৌৰৱ গগৈয়ে জুবিন গাৰ্গক কি ন্যায় দিব বুলি মন্তব্য কৰে।
- জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ অহা ৩১ অক্টোবৰত মুক্তি পাব। গুৱাহাটীত এই ছবিখনৰ শ্বুটিংস্থলীত উপস্থিত হৈ আজি প্ৰয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰি তদন্তৰ সময়ত কোনোধৰণৰ পলিটিক্স, ডিছট্ৰেকছন নিবিচাৰোঁ বুলি মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে।
- চৰকাৰী ভূমি, বনাঞ্চল, জলাশয়ত চলোৱা উচ্ছেদ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। আদালতে উচ্ছেদৰ ক্ষেত্ৰত সমতা আৰু আইনী অনুসৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কোনো জাতি, ধৰ্ম বা ভাষাৰ ভিত্তিত বৈষম্য নকৰাকৈ উচ্ছেদ অভিযান চলাব লাগিব বুলিও নিৰ্দেশনা দিছে উচ্চ ন্যায়ালয়ে।
- অসম বিজেপিয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ’ক লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়। ২৬ৰ নিৰ্বাচনত বিজেপি পৰাস্ত হ’লে অসমত হ’ব পৰা পৰিস্থিতিৰ এক কাল্পনিক এ আই ভিডিঅ’ শ্বেয়াৰ কৰিছিল বিজেপিয়ে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে অসম চৰকাৰলৈ জাননী জাৰি কৰিছে।
- ৰয়েল ছুইডিছ একাডেমী অফ চায়েঞ্চে জন ক্লাৰ্ক, মিচেল এইচ ডেভ’ৰেট, জন এম মাৰ্টিনিছলৈ আগবঢ়াইছে ২০২৫ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল। এক বৈদ্যুতিক বৰ্তনীত বৃমেক্ৰস্কোপিক কোৱাণ্টাম মেকানিকেল টানেলিং আৰু শক্তি কোৱাণ্টাইজেচনৰ আৱিষ্কাৰৰ বাবে বিজ্ঞানীকেইজনলৈ এই সন্মান আগবঢ়োৱা হৈছে।
- ছেপ্টেম্বৰ মাহৰ আইচিচি প্লেয়াৰ অৱ দ্য মন্থ বঁটাৰ বাবে মনোনীত হৈছে ভাৰতৰ অভিষেক শৰ্মা আৰু কুলদীপ যাদৱ। বিগত এছিয়া কাপত অভিষেক সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু কুলদীপ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছিল। তেওঁলোকৰ লগতে এই বঁটাৰ দৌৰত আছে জিম্বাবুৱেৰ ব্রায়ান বেনেট।