Dhanteras 2025: ১৮ নে ১৯ অক্টোবৰ, ধনতেৰাচ কেতিয়া জানো আহক
সমাগত ধনতেৰাচ। এই ধনতেৰচ আৰু দীপাৱলীৰ তাৰিখ সন্দৰ্ভত মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এইবাৰ কেতিয়া ধনতেৰচ উদযাপন কৰা হ'ব আৰু লগতে এই দিনটোত কি কি কিনিলে শুভ ফল পাব জানক।

হিন্দু ধৰ্মত দীপাৱলীৰ আগতে ধনতেৰাচৰ উৎসৱ পালন কৰা হয়, ইয়াক ধনত্ৰয়োদশী নামেৰে জনা যায়। প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখে ধনতেৰাচ উৎসৱ পালন কৰা হয়। এই দিনটোত ভগৱান ধন্বন্তৰি আৰু লক্ষ্মী দেৱীৰ লগতে ধনৰ দেৱতা কুবেৰকো পূজা কৰা হয়। এই দিনটোত ভগৱান ধন্বন্তৰিক পূজা কৰিলে সাধকে স্বাস্থ্য লাভ কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও লক্ষ্মী দেৱী আৰু কুবেৰ ভগৱানক পূজা কৰি ব্যক্তিয়ে ধন-সম্পত্তিৰ আশীৰ্বাদ লাভ কৰে।
ধনতেৰচ আৰু দীপাৱলীৰ তাৰিখ সন্দৰ্ভত মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এইবাৰ কেতিয়া ধনতেৰচ উদযাপন কৰা হ’ব আৰু লগতে এই দিনটোত কি কি কিনিলে শুভ ফল পাব জানক।
ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ধন্বন্তৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত হাতত অমৃতৰ ঘটলৈ সাগৰৰ পৰা অৱতৰণ হৈছিল। সেয়ে দেৱালীৰ দুদিন আগতে তেওঁৰ জন্মজয়ন্তী পালন কৰা হয়। আয়ুৰ্বেদৰ জনক হিচাপে তেওঁক সুস্থ আৰু আৰোগ্য জীৱন লাভ কৰিবলৈ পূজা অৰ্চনা কৰে। আয়ুৰ্বেদিক মহাবিদ্যালয় সমূহত ধন্বন্তৰিক বিশেষ মৰ্যাদা দিয়া হয়। এই উৎসৱত সোণ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে।
ধনতেৰাচৰ তাৰিখ (Dhanteras 2025 Date)
হিন্দু পঞ্জিকা অনুসৰি কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথি ১৮ অক্টোবৰৰ দুপৰীয়া ১২:১৮ বজাৰ পৰা আৰম্ভ হ’ব। ১৯ অক্টোবৰৰ দুপৰীয়া ১:৫১ বজাত ইয়াৰ অন্ত পৰিব। কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি ১৮ অক্টোবৰত ধনতেৰাচ উদযাপন কৰা হ’ব।
ধনতেৰাচত কি কিনিব? (Dhanteras 2024 Puja Shubh Muhurat)
ধনতেৰাচৰ দিনা কিছু বস্তু কিনাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোত কিছুমান বিশেষ সামগ্ৰী ক্ৰয় কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় আৰু ধন-সম্পত্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। সোণ আৰু ৰূপৰ মুদ্ৰা, শ্ৰী যন্ত্ৰ, চাউল, ধনিয়া, ঝাড়ু, নিমখ আদি।
(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)