পাকিস্তানত ধাৰাসাৰ বৰষুণ! এতিয়ালৈকে মৃত্যু প্ৰায় ৬৫০ জনৰ, নিৰুদ্দেশ বহুতো…
চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত বানৰ ধ্বংসলীলা। ধাৰাসাৰ বৰষুণৰ ফলত দেশখনত বানপানী আৰু ভূমিস্খলন হয়। যাৰ ফলত এতিয়ালৈকে ৬০০ ৰো অধিক লোক নিৰুদ্দেশ হৈ থকাৰ লগতে বহু নিৰুদ্দেশ হৈ আছে।

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক প্ৰকৃতিৰ তাণ্ডৱ। বানৰ কবলত পাকিস্তান। দেওবাৰে পোহৰলৈ অহা তথ্য অনুসৰি, দেশৰ উত্তৰ অংশত হঠাতে হোৱা বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩২৭ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৬ জুনৰ পৰা পাকিস্তানত আৰম্ভ হোৱা বৰষুণে ধ্বংসলীলা সৃষ্টি কৰিছে। ইয়াৰ ফলত এতিয়ালৈকে ৬৫০ জনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে দেওবাৰে বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশখনত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি সকীয়নি প্ৰদান কৰে। গতিকে পৰৱৰ্তী সময়ত পাকিস্তানৰ অৱস্থা অধিক ভয়াবহ হৈ পৰিব পাৰে।
বতৰ বিজ্ঞান বিভাগে ১৭ আগষ্টৰ পৰা ২১ আগষ্টলৈ সমগ্ৰ দেশখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ লগতে দেশখনৰ উত্তৰ-পশ্চিম অঞ্চলৰ ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষইও সকীয়াই দিছে যে চলিত বৰ্ষত স্বাভাৱিকতকৈ আগতে বৰষুণ আৰম্ভ হৈছে। এই বৰষুণ আগন্তুক দুটা সপ্তাহলৈ অব্যাহত থাকিব পাৰে। গতিকে সকলো জনতাক সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে।
NDMA ৰ মতে, খাইবাৰ পাখতুনখোৱাত হোৱা ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰৱল বানপানী আৰু ভূমিস্খলন হয়। যাৰ ফলত এতিয়ালৈকে প্ৰায় ৩২৭ জন লোকৰ মৃত্যু হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা বুনেৰত কমেও ২০০ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে আহত হৈছে প্ৰায় ১৩৭ জন। ইযাৰোপৰি বানত উটি গৈছে ঘৰ-দুৱাৰ, পশুধন, যান-বাহন আদি।
ভূমিস্খলনৰ ফলতো বহু লোক বিপদত পৰিছে। ধ্বংসাৱশেষৰ ফলত বোকাৰ তলত পোত খাই থকাৰ সম্ভাৱনা বহু লোক। একাংশ বিষয়াৰ মতে, প্ৰায় ২ হাজাৰ জোৱান উদ্ধাৰ অভিযানৰ কামত নিয়োজিত হৈ আছে। কিন্তু ধ্বংস হোৱা দলং আৰু ধ্বংসাৱশেষৰ ফলত সাহাৰ্যৰ কামত অসুবিধাৰ সন্মুখীন হৈছে।
খাইবাৰ পাখতুনখোৱাৰ উদ্ধাৰ সংস্থাৰ মুখপাত্ৰ বিলাল আহমদ ফাইজীয়ে কয় যে ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোত ভূমিস্খলন হৈছে। দলংসমূহ ধ্বংস হোৱাৰ লগতে ঘৰ-দুৱাৰ আদি জাহ গৈ পদসমূহ ভাঙি গৈছে। যাৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে। বিশেষকৈ গধুৰ যান-বাহন আৰু এম্বুলেন্স ক্ষতিগ্ৰস্ত ঠাইলৈ যাব পৰা নাই। পাকিস্তানী সেনাৰ ‘কৰ্পছ অৱ ইঞ্জিনিয়াৰ্ছ আৰ্বান চাৰ্চ এণ্ড ৰেচকিউ’ (ইউ এছ এ আৰ)ৰ দলটোৱে বুনেৰ, শ্বাংলা আৰু শ্বাটতো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। গতিকে ধ্বংসাৱশেষৰ তলৰ পৰা অধিক মৃতদেহ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ বিৰুদ্ধে ক্ষোভিত জনতা! হোৱাইট হাউচৰ সন্মুখত হাজাৰ হাজাৰ লোকৰ তীব্ৰ প্ৰতিবাদ…