শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানী সেনাৰ কনভয়ত ভয়ংকৰ আক্ৰমণ, নিহত ৩২ গৰাকীকৈ জোৱান…

পুনৰ পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ। তথ্য অনুসৰি, শেহতীয়াকৈ হোৱা এক ভয়ংকৰ আক্ৰমণৰ ফলত ৩২ জনকৈ পাকিস্তানী সেনা নিহত হয়।

পাকিস্তানী সেনাৰ কনভয়ত ভয়ংকৰ আক্ৰমণ, নিহত ৩২ গৰাকীকৈ জোৱান…
পাক সেনা (প্ৰতীকী ফটো)Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 May 2025 20:16 PM

পাকিস্তানে পৃষ্ঠপোষক কৰা সন্ত্ৰাসবাদ তেওঁলোকৰ বাবে এতিয়া কাল হৈ পৰিছে। সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ মূল্য যে সমগ্ৰ পাকিস্তানে ভুগি আছে। শেহতীয়াকৈ পাকিস্তানত ৩২ জন সেনা জোৱানৰ মৃত্যুৰ খবৰ আহি পৰিছে। জানিব পৰা মতে, বেলুচিস্তানৰ খুজদাৰৰ জিৰ’ পইণ্টৰ সমীপৰ কৰাচী-কুৱেটা ঘাইপথত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। য’ত ৩২ জন সেনা জোৱান নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, কৰাচী-কুৱেটা ঘাইপথেৰে সেনাৰ কনভয় এটা গৈ আছিল। তেতিয়াই সেই কনভয়ত ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (ভিবিআইইডি)ৰ দ্বাৰা লক্ষ্য কৰি লোৱাৰ ফলত ৩২ জন সেনাজোৱান নিহত আৰু কেইবাজনো আহত হয়।

এয়া কোনো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এতিয়ালৈকে এই ঘটনাৰ দায়িত্ব এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে গ্ৰহণ কৰা নাই।  উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানৰ দুৰ্গম অঞ্চলৰ পৰা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা পোহৰলৈ অহা সাধাৰণ কথা। কিন্তু এতিয়া পাকিস্তানৰ বৃহৎ চহৰতো এনে ঘটনা সংঘটিত হ’বলৈ আৰম্ভ কৰিছে। এনেবোৰ কাৰণতে এতিয়া অঞ্চলটোৰ নিৰাপত্তাজনিত বিষয়টোক লৈ প্ৰশ্ন উত্থাপন হৈছে।

জানিব পৰা মতে, কৰাচী-কুৱেটা ঘাইপথৰ ওচৰত এখন ৰখাই থোৱা গাড়ীত বাহনত বোমাটো স্থাপন কৰা হৈছিল। সেই সময়ত সেনাৰ কনভয় উক্ত অঞ্চলেৰে যোৱাৰ লগে লগে ভয়ংকৰ বিস্ফোৰণ হয়। জানিব পৰা মতে, সেনাৰ কনভয়ত ৮ খনকৈ বাহন আছিল। ইয়াৰে তিনিখন বাহন প্ৰত্যক্ষভাবে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বাকী বাহন সামান্যৰূপে প্ৰভাৱিত হয়। ইয়াৰোপৰি এই কনভয়ত সেনাৰ পৰিয়াল কঢ়িয়াই নিয়া এখন বাছো আছিল।

আভ্যন্তৰীণ সূত্ৰৰ পৰা জানিব পৰা মতে, এই আক্ৰমণৰ ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছে পাকিস্তানৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁলোকে এই ঘটনাক এখন স্কুল বাছত কৰা আক্ৰমণৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে। কিন্তু এই ঘটনাই পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই দিছে।

উল্লেখ্য যে, এই কৰাচী-কুৱেটা ঘাইপথতে যোৱা ২১ মে’ত আন এক আক্ৰমণ সংঘটিত হৈছিল। বেলুচিস্তানৰ খুজদাৰ চহৰৰ সমীপৰ কুৱেটা-কাৰাচী ঘাইপথত শিশু কঢ়িয়াই অনা আৰ্মি পাব্লিক স্কুলৰ বাছখনক সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছিল। য’ত বাছৰ চালকৰ লগতে ৫ টাকৈ শিশু নিহত হৈছিল। ইয়াৰ পাছতে এতিয়া পাকিস্তানৰ জনতাৰ মাজত শংকাই বিৰাজ কৰিছে।  উল্লেখ্য যে, বিগত সময়চোৱাত পাকিস্তানে নিজেই দাবী কৰিছে যে তেওঁলোকে সন্ত্ৰাসবাদীক আশ্ৰয় দিছিল। কিন্তু এতিয়া দেশখনে নিজেই এনে ঘটনাৰ সন্মুখীন হৈ আহিছে।

 

অন্য খবৰ পঢ়কঃ ৰাষ্ট্ৰসংঘত পাকিস্তানক থকা-সৰকা ভাৰতৰ, ক’লে- তেনে এখন দেশৰ শান্তি-সুৰক্ষাৰ বিষয়ে কথা কোৱাৰ অধিকাৰ নাই…